মানুহ সৌন্দৰ্য প্ৰিয়। নিজকে সজাই -পৰাই ধুনীয়া কৰি ৰাখিবলৈ সকলোৱে বিচাৰে। আমি ৰাসায়নিক দ্ৰব্যমিশ্ৰিত প্ৰসাধন সামগ্ৰীৰে সৌন্দৰ্য চৰ্চা কৰাতকৈ যদি আমি প্ৰাকৃতিক সামগ্ৰীৰে সৌন্দৰ্য চৰ্চা কৰোঁ তেতিয়া হলে অধিক স্বাস্থ্য সন্মত আৰু বেছি লাভান্বিত হব পাৰিম।
বাৰীতে বিচাৰি পোৱা প্ৰকৃতিৰ বস্তুৰে সৌন্দৰ্য চৰ্চা কৰিলে অকল দেখিবলৈ ধুনীয়া যে হয় এনে নহয় , ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। ঘৰতে বহি কম খৰচতে আমি এনেদৰে সৌন্দৰ্য চৰ্চা কৰিব পাৰোঁ-
১) তেজপাত এমুঠি ভালদৰে ধুই সৰু সৰু কৈ কাটি প্ৰায় ৩০০ মিলি লিটাৰ পানীত ৰাতি তিয়াই থব লাগে। ৰাতিপুৱা তেজ পাত খিনি খুন্দি পানীৰ সৈতে চেকিলৈ দিনটোত এবাৰ খাব লাগে। এনেদৰে সপ্তাহত এবাৰ কৈ তেজপাতৰ ৰস খালে ছাল উজ্বল আৰু নিমজ হয়।
২) তেজপাত দুমুঠি খুন্দি লৈ ২ লিটাৰ পানীত উতলাব লাগে ।যেতিয়া পানী খিনি শুকাই ১ লিটাৰ হয় , তেতিয়া পানী খিনি নমাই থব লাগে। এই ১ লিটাৰ পানী ১০ লিটাৰ পানীৰ লগত মিশ্ৰণ কৰি গা ধুলে , গৰমৰ দিনত শৰীৰৰ পৰা ওলোৱা ঘামৰ গোন্ধ নোহোৱা হয় আৰু মন প্ৰফুল্লিত হয়।
৩) তেজ পাতৰ ৰস মিহলোৱা পানীৰ গা ধুলে ছালৰ বিভিন্ন ৰোগ , ছালত হোৱা খজুৱতি ,ছাল ৰঙা পৰা , ছালত হোৱা ফোহা আদি নিৰাময় হয়। তেজপাতৰ ৰস ছালত ১০ মিনিট সময় প্ৰলেপ দি পিছত ঠাণ্ডা পানীৰে ধুলে ছালৰ ৰং বগা হয়।
৪) মুখত শালমইনা হ’লে — ২ চামুচ তেজপাতৰ ৰস , ২ চামুচ তুলসীৰ ৰস , ২ চামুচ পদিনাৰ ৰস , ২ চামুচ মহানিমৰ ৰস মিশ্ৰণ কৰি লগালে শালমইনা ভাল হয়।এনেদৰে কেইদিন মান কৰাৰ পাছত মুখত শালমইনা ওলোৱা বন্ধ হয় আৰু ক’লা দাগ নোহোৱা হয়।
৫) বাহিৰত বেছিকৈ ঘুৰি ফুৰিলে ছাল ৰদত পুৰে। তেজ পাতৰ ৰস আৰু পদিনাৰ ৰস মিশ্ৰণ কৰি ছালত লগালে , ৰদে পুৰা ছাল ভাল হয় আৰু ছাল নিমজ হয়।
৬) গৰম দিনত আমাৰ বহুতৰে ঘামচি ওলায়। তেজপাত সিজোৱা পানীৰে গা ধুলে ঘামচিৰ পৰা সকাহ পাব পাৰি।
এনেদৰে ঘৰৰ চৌহদতে পোৱা সামগ্ৰীৰে আমি কম খৰচতে শৰীৰৰ যত্ন লৈ মানসিক আনন্দ পাব পাৰোঁ।