এক আজব খবৰ !৩৮বছৰীয়া পৰিচালক ক্লিম্ চিপেংক’ আৰু ৩৭বছৰীয়া অভিনেত্ৰী য়ুলীয়া পেৰিচিল্ডৰ দ্বাৰা মহাকাশত প্ৰথমবাৰৰ কাৰণে দৃশ্য গ্ৰহণ কৰা হ’ব এখন চলচ্চিত্রৰ। মহাকাশত চলচ্চিত্রৰ দৃশ্য গ্ৰহণ কৰা ৰাছিয়াই হ’ব বিশ্বৰ প্ৰথম খন দেশ। ‘নাচা’ই প্ৰকাশ কৰা মতে পৰিচালক চিপেংক’ আৰু অভিনেত্রী পেৰিচিল্ডে নিৰ্মাণ কৰিবলৈ লোৱা ‘দ্য চেলেঞ্জ’ নামৰ ছবিখনৰ দৃশ্য গ্ৰহণৰ বাবে ইতিমধ্যেই আন্তৰ্জাতিক মহাকাশকেন্দ্ৰলৈ ৰাওনা হৈছে এটা দল। পৰিচালক চিপেংক’ৰ, অভিনেত্রী পেৰিচিল্ডৰ লগতে দলটোত আছে মহাকাশচাৰী এন্টন চাকাপলেৰং। জানিবলৈ পোৱা মতে দলটোৱে প্ৰায় বাৰদিন মহাকাশতে অতিবাহিত কৰিব।
এগৰাকী মহিলা শৈল্য চিকিৎসকে মহাকাশত এজন মহাকাশচাৰীৰ জীৱন ৰক্ষা কৰাৰ সুন্দৰ কাহিনী উপস্থাপন কৰা হ’ব চলচিত্র খনৰ যোগেদি।
মহাকাশত চলচিত্র নিৰ্মাণৰ বাবে মাৰ্কিন ষ্টাৰ টম্ ক্ৰুজে চেষ্টা চলাইছিল যদিও হলিউডৰ পৰিচালকক চেৰ পেলাই আগবাঢ়ি গ’ল ৰাছিয়ান পৰিচালক ক্লিম চিপেংক’।