মহানগৰীৰ ধীৰেণপাৰাৰ গৌতম পাল নামৰ সোণৰ অলংকাৰৰ ব্যৱসায়ীৰ ঘৰত কালি দিন দুপৰতে তিনিজনীয়া অস্ত্ৰ ধাৰী ডকাইতে প্ৰৱেশ কৰি দুগৰাকী মহিলা, এগৰাকী বৃদ্ধা আৰু এটি শিশুক বলপূৰ্বক ভাবে বন্দী কৰি ধন দাবী কৰে।
মূল্যবান বয় বস্তু, ধন সোণ লৈ ডকাইতৰ দলটো ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে ঘৰৰ মহিলা এগৰাকীয়ে ” ডকাইত ডকাইত ” বুলি চিঞৰি সহায় বিচাৰে। চিঞৰ শুনি ৰাস্তাৰে অহা যোৱা কৰা বহুজন সহায় কৰিবলৈ আগবাঢ়ি আহে। ডকাইতক গবা মাৰি ধৰিবলৈ চেষ্টা কৰোঁতে লিটন মজুমদাৰ নামৰ যুৱকজন গুলীবিদ্ধ হয়।
লগে লগে ৰাস্তাৰে অহা স্কুটি এখন পিষ্টলৰ ভাবুকি দি আৰোহীৰ পৰা কাঢ়ি তিনিওটা ডকাইত ঘটনা স্থলীৰ পৰা পলায়ন কৰে।
পিছত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া ডি জি পি ( আইন শৃংখলা) জি পি সিং ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
তদন্তৰ অন্তত ডকাইতি কাণ্ডত তিনিজন আৰক্ষী বিষয়া জড়িত হৈ থকাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে সকলোৰে চকু কঁপালত উঠিছে।
ডকাইতি কাণ্ডত ব্যৱহৃত গাড়ীখন দশম আৰক্ষী বেটেলিয়ানত কৰ্মৰত SI গণেশ দাসৰ বুলি জনা গৈছে। পিছত আৰক্ষীয়ে SI গণেশ দাস, কৰুণা আৰু বিপ্লৱ দৈমাৰীকে ধৰি তিনিওজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে।
ডকাইতি কাণ্ডত আৰক্ষীৰ জড়িত হৈ থকা কথাষাৰে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।