অসমৰ কৰিমগঞ্জ জিলাত আজিৰ পৰা প্ৰায় তিনি বছৰৰ আগতে নিৰ্মাণ কৰা এখন ওলমা দলং হঠাৎ ছিগি পৰাত দলংখনেৰে বিদ্যালয়ৰ পৰা নিজ গৃহলৈ বুলি পাৰ হৈ থকা প্ৰায় ৩০জন ছাত্ৰ ছাত্ৰী আঘাত প্ৰাপ্ত হয়।
কৰিমগঞ্জ জিলাৰ ৰটাবাৰী অঞ্চলৰ অন্তৰ্গত চেৰাগী নামৰ ঠাইত যোৱা সোমবাৰে এই ঘটনা সংঘটিত হয়।
জানিবলৈ পোৱা মতে চিংলা নদীৰ দুয়োপাৰ সংযুক্ত কৰি নিৰ্মাণ কৰা এই একমাত্র দলং খনে চেৰাগী নামৰ অঞ্চলটোক গাঁও সমূহৰ সৈতে সংলগ্ন কৰি ৰাখিছে আৰু যোৱা সময়চোৱাত ছাত্র ছাত্ৰীকে আদি কৰি সাধাৰণ জনতাৰো একমাত্র যোগাযোগৰ মাধ্যম চিংলা নদীৰ দুইপাৰ সংযোগী এই ওলমা দলং।
সোমবাৰে ‘চেৰাগী বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়’ৰ পৰা ঘৰলৈ ঘূৰি থকা অৱস্থাত ওলমা দলং খনেৰে চিংলা নদী পাৰ হ’বলৈ ধৰোতেই দলং খন ছিগি পৰে আৰু কেইবাজনো ছাত্র ছাত্ৰী নদীত পৰে । স্থানীয় ৰাইজে নদীৰ পৰা তেওঁলোকক উদ্ধাৰ কৰাৰ লগতে আঘাত প্ৰাপ্ত প্ৰায় ৩০জন ছাত্র ছাত্ৰীক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰায়।