নবৰাত্ৰিৰ আৰম্ভনিৰ দিনটোতে দেশত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমন৷ আজি দেশত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ২২,৪৩১ জন লোক৷ আজি কোভিডত আক্ৰান্ত হৈ মৃত্য হৈছে ৩১৮ জন লোক৷ দুদিনৰ পাছত দেশত কোভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ২০,০০০ সংখ্যাই৷ বুধবাৰে দেশত ১৮,৩৮৩ জন লোক কোভিডত আক্ৰান্ত হৈছিল৷ অৱশ্যে দেশত ক্ৰমান্ব্য়ে কম হ’বলৈ ধৰিছে চিকিৎসাধীন ৰোগীৰ সংখ্যা৷ দেশত চিকিৎাধীন ৰোগীৰ সংখ্যা হৈছে ২.৪৪,১৯৮ জন৷ দৈনিক আক্ৰান্তৰ হাৰ হৈছে ১.৫৭ শতাংশ৷ বিগত ৩৮ দিন ধৰি আক্ৰান্তৰ হাৰ ৩ শতাংশৰ তলত৷
ইপিনে, কালি ৰাজ্যত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ৩০০ জন লোক৷ গুৱাহাটীত আক্ৰান্ত হৈছে ৬৯ জন লোক৷ কালি ৰাজ্যত মৃত্যু ঘটিছে ৬জন লোকৰ৷ কালি সুস্থ হৈ উথিছে ৪৬৭ জন লোক৷ বর্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২,৮৯৮ জন৷