এগৰা্কী অধক্ষ্যসহ দুজন হিন্দু শিক্ষকক উগ্ৰবাদীয়ে গুলীয়াই হত্যা কৰাকলৈ উত্তপ্ত হৈ পৰিছে জম্মু কাশ্মীৰ৷ শ্ৰীনগৰৰ ইদগাহ সমগ্ৰ অঞ্চলৰ চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা৷ উগ্ৰবাদীৰ গুলীত মৃত্য হোৱা অধ্যক্ষ জন হৈছে সুখবিন্দৰ সিং৷ঘটনাৰ বিৱৰনী অনুসৰি আজি অধ্যক্ষৰ কোঠাত সকলো শিক্ষকৰ উপস্থিতিত এখন বৈঠক অনুস্থিত হৈ আছিল৷ সেই সময়তে উগ্ৰবাদীৰ দলতো বিদ্যালয়ত প্ৰৱেশ কৰে আৰু হিন্দু শক্ষক দুজনক বিদ্যালয়ৰ বাহিৰলৈ উলিয়াই আনে আৰু নির্বিচাৰ ভাবে গুলীচালনা কৰে৷ যাৰ ফলত দুয়োজন শিক্ষক গুৰুতৰ ভাবে আঘতপ্ৰাপ্ত হয়৷ দুয়োজনকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁলোকৰ মৃত্য ঘটে৷ এই ঘটনাই সমগ্ৰ জম্মু কাশ্মীৰকে জোকাৰি গৈছে৷পৰৱর্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় ৰাজ্যখনৰ ডিজিপি দিলবাগ সিং৷ এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিজিপি সিঙে কয় যে এয়া পাকিস্তানৰ এজেন্সীৰ নির্দেশত সংঘটিত হৈছে৷ জম্মু কাশ্মীৰৰ শান্তি-সম্প্ৰীতি বিনষ্ট কৰি স্থানীয় মুছলমানলোক সকলক বদনামী কৰিবলৈ এই দুষ্কায্য সংঘটিত কৰা হৈছে৷