দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান ‘জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান’। কিন্তু এই উদ্যান খনৰ নাম সলনি কৰি ‘ৰামগংগা’ কৰাৰ প্ৰস্তাৱ দিছে কেন্দ্রীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্রী অশ্বিনী কুমাৰ চৌবেয়ে । ৩অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যান খনলৈ যোৱা চৌবেয়ে উদ্যান খনৰ নাম ‘ৰামগংগা ৰাষ্ট্ৰীয় উদ্যান’ হ’ব লাগে বুলি প্ৰস্তাৱ দিয়ে।
১৯৩৬চনত ‘হেইলি ৰাষ্ট্ৰীয় উদ্যান’ হিচাপে প্ৰতিষ্ঠা কৰা এই উদ্যান খন ৫২০বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিয়পি আছে। ১৯৫২চনত কেইটামান বছৰৰ বাবে এই উদ্যানৰ নাম ৰখা হৈছিল ‘ৰামগংগা ৰাষ্ট্ৰীয় উদ্যান’। কিন্তু ১৯৫৬ চনত প্ৰখ্যাত চিকাৰী তথা সংৰক্ষণ বিদ এডৱাৰ্ড জিম কৰবেটৰ নামেৰে এই উদ্যানৰ নামাকৰণ কৰা হয়। এইখন ৰাষ্ট্ৰীয় উদ্যানতে দেশৰ প্ৰথমটো ব্যাঘ্র প্ৰকল্পও আৰম্ভ কৰা হয়।