শাৰদীয় দুৰ্গা পূজা উপলক্ষে মহানগৰীৰ উখল মাখল পৰিবেশ। অৱশ্যে যোৱা প্ৰায় দুটা বছৰ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে তুলনামূলক ভাবে বিগত বৰ্ষবোৰৰ দৰে এইবাৰৰ ব্যয়ৰ পৰিমাণ বহু পৰিমাণে কম। তথাপি একেবাৰে নিৰাশ নহৈ পূজা মণ্ডপবোৰ সজাই তোলাৰ প্ৰতিযোগিতাত নামি পৰিছে গুৱাহাটী মহানগৰীৰ পূজা সমিতি সমূহ।
তুলনামূলক ভাৱে কম হ’লেও দুই তিনি লাখ টকাকৈ ব্যয় কৰি সমিতি সমূহ সাজু হৈছে মহিষাসুৰ মৰ্দ্দিনী মা দুৰ্গাৰ আৰাধনাৰ বাবে।এইবৰ্ষৰ মহানগৰীৰ পূজা সমিতি সমূহৰ বাজেট সমূহ এনেধৰণৰ:
আঠগাওঁ সাৰ্বজনীন দুৰ্গা পূজা সমিতি – ৫লাখ টকা ।
বৃহত্তৰ নাৰেংগী দুৰ্গা পূজা সমিতি-৪লাখ টকা।
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতি -৪লাখ টকা।
গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি-৪ লাখ টকা।
বাৰোৱাৰী পূজা মণ্ডপ- ৪লাখ টকা
মৈদাম বেলতলা সাৰ্বজনীন দুৰ্গা পূজা সমিতি-৩.৫লাখ টকা।
পাণ্ডু ইনষ্টিটিউট কলনি দুৰ্গা পূজা সমিতি-৩লাখ টকা।
ৰিহাবাৰী বিলপাৰ দুৰ্গা পূজা সমিতি-৩লাখ টকা।
চানমাৰি ৰাজহুৱা পূজা সমিতি- ৩লাখ টকা।
ৰেষ্টকেম্প কালিবাৰী দুৰ্গা পূজা সমিতি- ৩লাখ টকা।পাণ্ডু আমেৰিকান কলনি – ৩ লাখ টকা।
নয়ণতৰা ক্লাব পূজা সমিতি- ৩ লাখ টকা।
গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা-৩ লাখ টকা।
কালিবাৰী সাৰ্বজনীন দুৰ্গা পূজা-২.৫লাখ টকা।
বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি-২ লাখ টকা।
শান্তিপুৰ শ্লুইস গে’ট দুৰ্গা পূজা সমিতি-২ লাখ টকা।