১৯২৬ চনৰ ২৫ জানুৱাৰী তাৰিখে গণ শিল্পী জনাই জন্ম লাভ কৰিছিল বৰপেটা জিলাৰ পাঠশালাৰ বামুণ পুখুৰী গাঁৱত।পৰৱৰ্ত্তী সময়ত অসমীয়া সাহিত্য সংস্কৃতিৰ জগতলৈ তেখেতৰ অৱদান আছিল অপৰিসীম। ২০০২ চনত অসমৰ লোকসংগীত আৰু জ্যোতি সংগীতৰ সাধনা আৰু নৱ প্ৰজন্মলৈ আগবঢ়োৱা তেখেতসকলৰ অনবদ্য অৱদানৰ বাবে পত্নী সুদক্ষিণা শৰ্মা আৰু তেখেতে লাভ কৰিছিল ‘সংগীত নাটক অকাডেমি বঁটা’। সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ ভনী জোঁৱাই দিলীপ শৰ্মা আছিল ‘ইণ্ডিয়ান পিপলস্ থিয়েটাৰ এচ’ছিয়েচন’ৰ গুৱাহাটী শাখাৰ সভাপতি।
কলিকতাৰ আকাশবাণী কেন্দ্ৰৰ যোগে অসমীয়া গীত সম্প্ৰচাৰ হোৱা তেওঁ আছিল প্ৰথম জন অসমীয়া। বাংলা আৰু অসমীয়া সংস্কৃতিৰ মাজত তেওঁ আছিল সাঁকো সদৃশ। বহুতো ৰবীন্দ্ৰ সংগীত তেখেতে অসমীয়ালৈ অনুবাদ কৰিছিল।
১৯৪৯চনত অসমীয়া বোলছবি ‘জয়মতী’ৰ তেখেত আছিল সহ সংগীত পৰিচালক।
৮২বছৰ বয়সত ২০০৮ চনৰ ৭অক্টোবৰ তাৰিখে গুৱাহাটী মেডিকেল কলেজ হাস্পিতালত পুৱা ৬.৩০ বজাত এইজনা মহান শিল্পীৰ দেহাৱসান ঘটে। অসমৰ সাংস্কৃতিক জগতলৈ তেখেতৰ অৱদান অতুলনীয়।
আজিৰ এই পবিত্র দিনত ‘Voice 24×7’ পৰিয়ালৰ তৰফৰ পৰা তেওঁক জনালোঁ সশ্ৰদ্ধ প্ৰণিপাত। তেওঁৰ ত্যাগ আৰু অৱদানেৰে অসমীয়া সংস্কৃতি সমৃদ্ধ হৈ থাকক চিৰদিন চিৰকাল।