লোকসংগীত শিৰোমণি,অসমৰ প্ৰখ্যাত শিল্পী সাহিত্যিক ,সংস্কৃতিৰ নিস্বাৰ্থ সাধক গোকুল পাঠকৰ নামত প্ৰকৃত শিল্পী, সাহিত্যিক সকলক প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে এই বিশেষ বঁটা । এই বৰ্ষৰ গোকুল পাঠক বঁটা বিজনীৰ নিবাসী তথা প্ৰসিদ্ধ শিল্পী হৰেন দাসক প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ১৪ অক্টোবৰত গোকুল পাঠকৰ ওপজাদিন উপলক্ষে সামূহিক ভাবে এই বঁটা প্ৰদান কৰা হ’ব।
২০১৩চনৰ পৰা প্ৰতিবছৰে প্ৰদান কৰি অহা এই বঁটা সাহিত্য সংস্কৃতিৰ জগতলৈ নিস্বাৰ্থ ভাবে অৱদান আগবঢ়াই অহা শিল্পী সকলক প্ৰদান কৰি অহা হৈছে। লোকসংগীত শিল্পী তপন চন্দ্র ভৰালীক এই বঁটা প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হৈছিল। তাৰ পিছৰ বৰ্ষৰ পৰা ক্ৰমে সু প্ৰসিদ্ধ গায়ক ডিম্বেশ্বৰ দাস, জগন্নাথ বায়ন, বিশিষ্ট শিল্পী সুদক্ষিনা শৰ্মা, জনপ্রিয় শিল্পী অৰ্চনা মহন্ত, লোকসংগীত ৰ প্ৰখ্যাত শিল্পী স্নেহলতা দাস, সুধীৰ দাস আৰু শেহতীয়াকৈ অৰ্থাৎ ২০২০বৰ্ষত কামৰূপী লোকগীতৰ বিশিষ্ট শিল্পী ধনদা পাঠকলৈ এই বঁটা আগবঢ়োৱা হৈছিল।
চলিত বৰ্ষত এই বঁটা আগবঢ়োৱা বিশিষ্ট শিল্পী সাহিত্যিক হৰেন দাসে এসময়ত তেখেতৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। তেখেতে এগৰাকী সংগীত শিল্পী হিচাপেও ইতিমধ্যে সুখ্যাতি অৰ্জন কৰিছে আনহাতে তেখেত এগৰাকী গীতিকাৰ আৰু সুৰকাৰ ৰূপেও প্ৰতিষ্ঠিত।
এসময়ত শিল্পী গোকুল পাঠকৰ বৈঠকীৰ সংগী আছিল শিল্পী হৰেন দাস।
বৰপেটা সাহিত্য সভা ভৱনত ১৪ অক্টোবৰৰ দিনা বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা লোকসংগীত শিৰোমণি গোকুল পাঠকৰ ওপজাদিনৰ লগত সংগতি ৰাখি এগৰাকী প্ৰকৃত শিল্পী, সংস্কৃতিৰ সাধক হৰেন দাসক এই ‘লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা ‘ প্ৰদান কৰা হ’ব।