নিশা মহানগৰীত সুৰাপান কৰি গাড়ী চলাই শ্ৰমিক মহতিয়াই নিয়া ৰাজকন্যা বৰুৱাই আৰক্ষীৰ সুৰুঙাৰ বাবে আদালতত জামিন মঞ্জুৰ হৈছিল। পিছত দিছপুৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে চমন জাৰি কৰিছিল। কিন্তু অসুস্থতাৰ অজুহাতত GNRC হস্পিতালত চিকিৎসাধীন হৈ থকাৰ সুযোগ লৈ ১৪ দিনৰ সময় বিচাৰিছিল।
পিছত মেডিকেল বৰ্ডৰ ছজনীয়া দল এটাৰ পৰীক্ষাৰ অন্তত ৰাজকন্যা সম্পূৰ্ণ সুস্থ বুলি প্ৰমাণ কৰাৰ পিছতে আৰক্ষীয়ে হস্পিতালৰ পৰা গ্ৰেপ্তাৰ কৰে।
ৰাজকন্যাৰ ভুৱা চিকিৎসাত সহায় কৰা ডাক্তৰ নভনীল বৰুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে চমন জাৰি কৰে। অলপ সময়ৰ পূৰ্বে তেওঁ দিছপুৰ থানাত উপস্থিত হয়হি।
ৰাজকন্যা বৰুৱাৰ কেছত কিছু হেমাহি কৰা আৰক্ষী বিষয়া শুভ্ৰজ্যোতি বৰালৈ আজি DGP ভাস্কৰজ্যোতি মহন্তই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।