আজি ৮অক্টোবৰ ,ভাৰতীয় বায়ুসেনা দিৱস (Indian Airforce Day). আজিৰ দিনটো ভাৰতীয় বায়ু সেনাৰ বাবে এটি মহত্বপূৰ্ণ দিন কাৰণ আজি ভাৰতীয় বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱস।
ভাৰতীয় বায়ুসেনা হ’ল পৃথিবীৰ সকলোতকৈ শক্তিশালী বায়ুসেনাৰ ভিতৰতে অন্যতম। বায়ুসেনাই বহুবাৰ নিজৰ পৰাক্ৰমেৰে ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিছে।
১৯৩২চনৰ ৮অক্টোবৰত ভাৰতীয় বায়ুসেনাৰ প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতিবছৰে ৮অক্টোবৰৰ দিনটো ভাৰতীয় বায়ুসেনা দিৱস হিচাপে উদযাপন কৰা হয়।
ভাৰতীয় বায়ুসেনাৰ আদৰ্শ বাক্য হ’ল-নভঃ স্পৃশং দীপ্তম। গীতাৰ ১১নং অধ্যায়ৰ পৰা এই বাক্য শাৰী লোৱা হৈছে। মহাভাৰতৰ যুদ্ধত ভগৱান কৃষ্ণ ই অৰ্জুনক দিয়া উপদেশ বাণী সমূহৰ ইয়ো এক অংশ।
বায়ুসেনাৰ পতাকা খনৰ ৰং নীলা। ১৯৫১চনৰ পৰা গ্ৰহণ কৰা এই পতাকাখনৰ প্ৰথম অংশৰ চাৰিভাগৰ এক অংশত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা অংকিত কৰা আছে আৰু মাজত ভাৰতীয় পতাকাৰ তিনিওটা ৰং অৰ্থাৎ গেৰুৱা, শুকুলা আৰু সেউজীয়া ৰঙৰ এটা বৃত্ত অংকন কৰা আছে।