বিভিন্ন সময়ত আৰক্ষীৰ বিষয়া কৰ্মচাৰী সকলো হতাশগ্ৰস্ততাৰ বলি হৈ আহিছে। জীৱনৰ ভিন ভিন মুহূৰ্তত ভিন ভিন প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হ’বলৈ গৈ নিজৰ আপোনজনক বা নিজকে অকণমান সময় দিব নোৱাৰি বহু সময়ত হতাশাত ভাগি পৰিছে তেওঁলোক।
বিশ্ব মানসিক স্বাস্থ্য সপ্তাহ উপলক্ষে ৭ অক্টোবৰ তাৰিখে মৰিগাঁৱৰ পবিতৰা হাট পেক্ষাগৃহত মৰিগাঁও জিলা মানসিক স্বাস্থ্য আঁচনি, ইণ্ডিয়ান চাইক্ৰাইটিক চ’ছাইটি আৰু মন নিৰাময়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ আলোচনাত আৰক্ষীৰ লোক সকলৰ মাজত হোৱা মানসিক হতাশগ্ৰস্ততাৰ বিষয়ে আৰক্ষী সকলৰ লগত আলোচনা কৰা বিশিষ্ট মনোৰোগ চিকিৎসক গৰাকীয়ে।
অনুষ্ঠানৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে। অনুষ্ঠানটিত ডাঃজয়ন্ত দাসে মৰিগাঁও জিলাৰ কেইবাগৰাকীও শীর্ষ স্থানীয় আৰক্ষী বিষয়া তথা নিজ নিজ দায়িত্বত থকা বিষয়া, জোৱানৰ সৈতে মানসিক বিষাদগ্ৰস্ততা আৰু সুস্থ মানসিক স্বাস্থ্য বৰ্তাই ৰখাৰ বাবে সচেতনতা বৃদ্ধিৰ সন্দৰ্ভত বিতং ভাৱে আলোচনা কৰে।