প্ৰতিবছৰেই ৯অক্টোবৰৰ দিনটো ‘বিশ্ব ডাক দিৱস’ হিচাপে পালন কৰি অহা হৈছে। ১৮৭৪চনত চুইজাৰলেণ্ডত ইউনিভাৰ্চেল পোষ্টেল ইউনিয়ন স্থাপন কৰা হৈছিল । ১৯৬৯চনত জাপানৰ ৰাজধানী ট’কিঅ’ত হোৱা ইউ. পি. ইউ. কংগ্ৰেছত ৯অক্টোবৰৰ দিনটো ‘বিশ্ব ডাক দিৱস’ হিচাপে ঘোষণা কৰা হয়। ডাক বিভাগৰ বাবে নিজৰ জীৱন সমৰ্পন কৰা ডাক বিভাগৰ সৰু ডাঙৰ সকলো কৰ্মীৰ বাবেই বিশেষ ভাবে এই দিনটো উৎসৰ্গিত। আমাৰ দৈনন্দিন জীৱন নাইবা জীৱিকাত ডাক সেৱাৰ ভূমিকা কি আৰু কিমান তাক বিশ্ববাসীৰ আগত দাঙি ধৰাৰ মহান উদ্দেশ্যেৰে প্ৰতি বছৰে ৯ অক্টোবৰত এই বিশেষ দিৱস পালন কৰা হয়।
বিশ্ব ডাক দিৱস ২০২১ৰ থিম হৈছে, ‘ইন’ভেট টু ৰিকভাৰ’ অৰ্থাৎ পুনৰ নিৰ্মাণ ৰ বাবে উদ্ভাবন
ক’ভিড ১৯ৰ ভয়াবহতাৰ বাবে হোৱা লকডাউনৰ এই সময়চোৱাত সামাজিক সংযোগ বিচ্ছিন্ন হৈ থকা স্বত্বেও
ডাক বিভাগৰ সমাজৰ প্ৰতি যি গুৰুত্বপূৰ্ণ ভূমিকা তাক সন্মান জনাই এই বছৰৰ এই বিষয় নিৰ্ধাৰণ কৰা হৈছে।
বৰ্তমান সময়ত বৈদ্যুতিন মাধ্যমৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে যদিও সমসাময়িক ভাৱে ডাক বিভাগৰ ব্যৱহাৰ বা জনপ্ৰিয়তা বহু পৰিমাণে নিশ্চয়কৈ হ্ৰাস পাইছে । তথাপি সমাজত ডাক সেৱা অক্ষুন্ন হৈ আছে আৰু ডাক বিভাগৰ আজিও সমাজত এক মহত্ব পূর্ণ স্থান আছে।
বিশ্বৰ বহুকেইখন দেশত আজিৰ দিনটো উলহ মালহেৰে উদযাপন কৰা হয় আৰু নতুন নতুন ডাকসেৱা আৰু সামগ্রী ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হয়।ইউ. পি. ইউ.ৰ প্ৰায় ১৯২খন সদস্য ৰাষ্ট্ৰই প্ৰতিবছৰে এই অনুষ্ঠানত যোগদান কৰে।
ভাৰতবৰ্ষত প্ৰায় এসপ্তাহ জুৰি এই দিৱস উদযাপন কৰা হয়। ইয়াৰ জৰিয়তে ডাকটিকটৰ প্ৰদৰ্শনীৰ লগতে নতুন নতুন ডাক সেৱা আৰ সামগ্রী জনসাধাৰণৰ মাজলৈ লৈ অহা হয়।