ৰাষ্ট্ৰীয় পর্যায়ৰ নৃত্য প্ৰতিযোগিতাত বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিছে যোৰহাটৰ জীয়ৰী ফ্ল’ৰিণা গগৈয়ে।জনপ্রিয় ড্যান্স ৰিয়েলিটি শ্ব’ ‘চুপাৰ ড্যান্সাৰ চেপ্টাৰ ফ’ৰ’ৰ বিজয়ীৰ সন্মান লাভ কৰিছে ফ্ল’ৰিণাই৷দেওবাৰে অনুষ্ঠিত চূড়ান্ত খণ্ডটোত ফ্ল’ৰিণাক বিজয়ী হিচাপে ঘোষণা কৰা হয়৷ জনপ্ৰিয় ৰিয়েলিটি শ্ব’টোৰ বিচাৰক তথা মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টী, কৰিঅ’গ্ৰাফাৰ গীতা কাপুৰ আৰু পৰিচালক অনুৰাগ বাসুৱে ফ্ল’ৰিণাক ট্ৰফী প্ৰদান কৰে৷ লগতে ফ্ল’ৰিণাক ছনী টিভিৰ ফালৰ পৰা ১৫ লাখ টকা প্ৰদান কৰা হয়৷ যোৰহাটৰ কেন্দুগুৰি নিবাসী দেৱজ্যোতি গগৈ আৰু জ্যোতিমণি গগৈৰ কণ্যা হৈছে কণমাণি ফ্ল’ৰিণা৷কার্মেল স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী ফ্ল’ৰিণা৷
উল্লেখ্য যে সুদীর্ঘ ছটা মাহজুৰি দেশৰ বিভিন্ন কোণৰ পৰা অহা অপৰিসীম প্ৰতিভাৰ নৃত্যশিল্পী সকলৰ দ্বাৰা পৰিবেশিত নৃত্যৰে দৰ্শকক মুগ্ধ কৰি ৰখা ভাৰতবৰ্ষৰ জনপ্রিয় ড্যান্স ৰিয়েলিটি শ্ব’ ‘চুপাৰ ড্যান্সাৰ চেপ্টাৰ ফ’ৰ ‘ৰ দেওবাৰে নিশা ৮বজাত সামৰণি পৰিল ‘নচপন কা মহা মহোৎসৱ’শীৰ্ষক অনুষ্ঠানেৰে। অনুষ্ঠানটিৰ চূড়ান্ত পাঁচজনীয়া প্ৰতিদ্বন্দ্বিৰ তালিকাত স্থান পাইছিল অসমৰ যোৰহাটৰ জীয়ৰী ফ্ল’ৰিণা গগৈয়ে। ফ্ল’ৰিণাৰ চুপাৰ গুৰু হ’ল তুষাৰ ছেট্টী। তালিকাত স্থান পোৱা বাকী কেইগৰাকীৰ নাম হ’ল দিল্লীৰ ইশা মিশ্ৰ, পাঞ্জাবৰ সঞ্চিত চনানা, কৰ্ণাটকৰ পৃথ্বীৰাজ ক’ঙ্গাৰ আৰু মধ্যপ্ৰদেশৰ নীৰ্জা