অসমত শাক-পাচলি, গেলামালকে আদি কৰি ৰন্ধন গেছলৈকে হোৱা মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজৰ জুৰুলা কৰাৰ সময়তে পেট্ৰলৰ মূল্যয়ো অতিক্রম কৰিলে শতকৰ ঘৰ। অসমৰ ইতিহাসত ই এক অভিলেখ।
ডিমা হাচাওত প্ৰতি লিটাৰত সৰ্বাধিক ১০২.০৭টকালৈ বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য আনহাতে গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে প্ৰতি লিটাৰত ১০০.০৭ টকালৈ।
৩৬টকা মূল্যৰ পেট্ৰলৰ বাবে গ্ৰাহকে ভেট দিব লাগে ২২টকা আৰু কেন্দ্রীয় চৰকাৰক আবকাৰী শুল্ক-পথ উপকৰৰ বাবে দিব লাগে ৩৩টকা অৰ্থাৎ গ্ৰাহক সকলৰ এক লিটাৰ পেট্ৰল ক্ৰয় কৰাৰ বাবদ সৰ্বমুঠ কৰ হ’লগৈ ৫৫টকা । ইফালে বিগত দহদিনত গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৯২.৪২টকা । ডিজেলৰ মূল্য এই ১০দিনতে প্ৰতিলিটাৰত কমেও তিনিটকাকৈ বৃদ্ধি পালে।
‘এক দেশ এক নীতি’ৰে আন সকলো দ্ৰব্যৰ ওপৰত পণ্য আৰু সেৱা কৰ নিৰ্ধাৰণ কৰাৰ বিপৰীতে দেশখনত কেৱল অধিক কৰ সংগ্রহ কৰাৰ স্বাৰ্থতে পেট্ৰল আৰু ডিজেলক বাহিৰত ৰখা হৈছে এই কৰ ব্যৱস্থাৰ পৰা।
ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ বুলি দাবী কৰা চৰকাৰ খনৰ দিনত এনে অভিলেখ কাৰী মূল্য বৃদ্ধিয়ে অসমৰ জনসাধাৰণক ভালকৈয়ে নিৰাশ কৰা পৰিলক্ষিত হৈছে।