অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ইন্ধনজাত সামগ্ৰীলৈ আকাশলংঘী মুল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক৷ কোভিডৰ কঠোৰ নীতি নির্দেশনা, দীঘলীয়া লকডাউনত উপার্জনহীন হৈ পৰাৰ সময়তে অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰন ৰাইজৰ মূৰত মাধমাৰ শোধাইছে৷ এইবাৰ দেশত পুনৰ বিদ্যুৎ সংকট দেখা দিয়াৰ লগতে বিদ্যুৎ মাচুল বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ কিয়নো দেশত নাটনি হৈছে কয়লাৰ৷সেয়েহে কয়লাৰ অভাৱত দেশৰ বিভিন্ন প্ৰান্তত বন্ধ হৈ পৰিছে এটাৰ পাছত আন এটা তাপ বিদ্যুৎ প্ৰকল্প৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি পাঞ্জাৱত ৩টা, কেৰালাত ৪টা আৰু মহাৰাষ্ট্ৰত ১৩ টা তাপ বিদ্যুৎ প্ৰকল্প ইতিমধ্যে বন্ধ হৈ পৰিছে৷ কর্ণাটক আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক কয়লাৰ যোগান বৃদ্ধি কৰিবলৈ আ্হ্বান জনাইছে৷ কয়লাৰ নাটনিৰ বাবে কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰাৰ লগতে দেশত ইন্ধনৰ পাছত বিদ্যৎ মাচুল বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰে দেওবাৰে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে দেশত বিদ্যুৎ সংকট নহয়৷ তদুপৰি কয়লা মন্ত্ৰালয়ে চাহিদা পূৰণ কৰিব পৰাকৈ কয়লা মজুত আছে বুলি সদৰী কৰিছে৷ইয়াৰ বিপৰীতে কয়লাৰ নাটনিক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে দেশজুৰি হোৱা কয়লা নাটনিৰ এক তদন্তৰ দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে অত্যাধিক বৰুষুণৰ বাবে খনিসমুহৰ পৰা তাপ বিদ্যুৎ প্ৰকল্পসমহলৈ কয়লা পৰিবহণ কৰিব নোৱাৰাৰ কাৰণে ৰাজস্থান,পাঞ্জাৱ,অন্ধ্ৰপ্ৰদেশ,দিল্লী আদিত বিদ্যৎ উৎপাদনত প্ৰভাৱ পৰিছে৷