নেচনেল ইনভেষ্টিগেচন এজেঞ্চী চমুলৈ নিয়াই আজি জম্মু-কাশ্মীৰৰ ৮ স্থানত তালাচী চলায়৷ এই তালাচীৰ সময়তে তদন্তকাৰী সংস্থাটোৱে তিনিজন আইছিছ সদস্যক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰা সদস্যকেইজন হৈছে ছুহেইল আহমেদ ,আফজান পাৰভেজ আৰু তৌহিদ লতিফ ৷ শ্ৰীনগৰ আৰু অনন্তনাগ জিলাৰ ৮ স্থানত নিয়াই চলাইছিল তালাচী৷ এই অভিযানৰ সময়ত তিনি সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে কেতবোৰ আপত্তিজনক নথি,লেপটপ,হার্ড ডিস্ক, টেবলেট আদি জব্দ কৰে৷
এক বিবৃতিত নিয়াই প্ৰকাশ কৰে যে আইছিছে নতুন সদস্য র্ভত্তিৰে ভাৰতৰ বিৰুদ্ধে জেহাদ অধিক শক্তিশালী কৰিব বিছাৰিছে৷