১০অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰৰ পাণবাৰী ৰে’ল ষ্টেশ্যনত প্ৰবেশ কৰাৰ প্ৰাক্ মূহুৰ্ত্তত কপিলী এক্সপ্রেছৰ এটা দবা কক্ষচ্যুত হয়।এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰে’লযাত্ৰী সকলৰ মাজত হুৱা দুৱা লাগে৷ আনহাতে, ঘটনা সংঘটিত হোৱাৰ পিছতো বহু সময়লৈকে ৰে’ল কৰ্মী সকল আহি নোপোৱাত যাত্ৰীসকল ক্ষুব্ধ হৈ পৰে। অৱশ্যে প্ৰায় তিনি ঘন্টাৰ পিছত ৰে’ল কৰ্মচাৰী তথা বিষয়ববীয়া সকল ঘটনাস্থলীত উপস্থিত হৈ দবাটো উদ্ধাৰ কৰে। জানিবলৈ পোৱা মতে এই ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই। যাত্ৰী সকলে জনোৱা মতে কপিলী এক্সপ্রেছখন ষ্টেশ্যনত প্ৰবেশ কৰাৰ সময়তে তেওঁলোকে এক প্ৰচণ্ড শব্দ শুনিবলৈ পায় আৰু পিছত দবাটো লাইনচ্যুত হোৱা বুলি জানিব পাৰে।
উক্ত ঘটনা সংঘটিত হোৱাৰ পিচতে প্ৰায় তিনি ঘন্টা জুৰি উজনি-নামনিৰ সকলো ৰে’লৰ যাতায়াত বন্ধ হৈ থাকে।