আমাৰ সমাজত ব্যক্তিৰ বয়সৰ সৈতে কিছুমান ধাৰণা অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। কেৱল বয়সৰ বাবেই কেতিয়াবা সুবিধা লাভ কৰিও বহু ব্যক্তিয়ে লজ্জাজনক পৰিস্থিতিৰ মুখামুখি হ’ব পাৰে বুলিয়েই ভাল লগা বিষয় চৰ্চা কৰা, নতুনকৈ শিকা বা আৰম্ভ কৰাৰ পৰা বিৰত থাকে।
বয়স যে কেৱল মাত্ৰ সংখ্যাহে এই কথা এইবাৰ IPL ৰ ফাইনেলত প্ৰৱেশ কৰা চেন্নাই ছুপাৰ কিংছে প্ৰমাণ কৰিলে। অধিনায়ক মহেন্দ্ৰ সিংহ ধোনী, ৰবীন উত্থাপা, ব্ৰেভ’কে ধৰি জেষ্ঠ খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শনে ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰিলে।
কালিৰ প্ৰদৰ্শনত ৪০ বছৰীয়া মহেন্দ্ৰ সিংহ ধোনীৰ মাজত পূৰ্বৰ তৰুণ ধোনীৰ দৰেই স্ফুৰ্তি দেখা পোৱা গ’ল। খেলৰ গতি সলনি কৰাৰ পূৰ্বৰ নিপুণতা ৪০ বছৰ বয়সতো খেলুৱৈজনৰ মাজত পুনৰ দেখা পাই দৰ্শকৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীকো উৎফুল্লিত কৰি তুলিছে।
এইবাৰ টকিঅ অলিম্পিকত ৩৮ বছৰীয়া বক্সাৰ মেৰীকমৰ প্ৰদৰ্শনেও বয়স কেৱল এক সংখ্যা বুলি পুনৰ প্ৰমাণ কৰিলে।
বয়স কেতিয়াও উত্তৰণৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। জীৱনৰ প্ৰতিটো দিনেই সকলোৰে বাবে নতুন। নতুন কথা শিকাই যায়। ৬০ বছৰ বয়সত শ্বুটিং কেৰিয়াৰ আৰম্ভ কৰি পদক অৰ্জন কৰা চান্দ্ৰো টোমাৰ আৰু প্ৰকাশী টোমাৰ নামৰ মহিলা দুগৰাকী এই ক্ষেত্ৰত এক উৎকৃষ্ট উদাহৰণ।
মানুহৰ জীৱন এটাই। নিজৰ ইচ্ছা অনুসৰি সকলো কৰ্ম সিদ্ধি কৰিবলৈ কেতিয়াবা সময় সুবিধা নিমিলে। কিন্তু সন্মুখত সুবিধা থাকিও কেৱল বয়সৰ কাৰণে আওকাণ কৰাটো কেতিয়াও সমীচিন হ’ব নোৱাৰে। মনৰ জোখাৰে সুখী হৈ জীয়াই থকাই জীৱনৰ মূলমন্ত্ৰ।