উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পাছতে ছোৱালীৰ বাবেও মুকলি হ’ল ৰাষ্ট্ৰীয় মিলিটাৰী ইণ্ডিয়ান একাডেমী(আৰ আই এম চি)ৰ দুৱাৰ ৷ প্ৰথমবাৰৰ বাবে ল’ৰাৰ লগতে ছোৱালী প্ৰার্থীৰ পৰাও আবেদন বিচাৰি প্ৰকাশ কৰা হৈছে বিজ্ঞাপন৷ অহা ১৮ ডিচেম্বৰত একাডেমীত নামভর্ত্তিৰ বাবে অনুষ্ঠিত হ’ব প্ৰৱেশ পৰীক্ষা ৷ ২০০৯ চনৰ ২ জুলাই আৰু ২০১১ চনৰ ১ জানুৱাৰীৰ মাজত জন্ম লাভ কৰা ল’ৰা আৰু ছোৱালীয়ে এই পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব৷পৰীক্ষাত অৱতীর্ন হ’ব বিচৰা প্ৰর্থীসকলৰ বয়স ১১ ১/২ ৰ কম হ’ব নোৱাৰিব৷ আনহাতে, ২০২২চনৰ ১ জুলাইত ১৩ বছৰৰ অধিক হ’ব নোৱাৰিব তেওঁলোকৰ বয়স ৷ মিলিটাৰী একাডেমীখনত নামভর্ত্তিৰ সময়ত অর্থাৎ ২০২২ চনৰ ১ জুলাইত প্ৰার্থীসকল সপ্তম শ্ৰেণীত অধ্যয়নৰত অথবা সপ্তম শ্ৰেণী উত্তীর্ণ হ’ব লাগিব৷ লিখিত পৰীক্ষা মুঠ ৪০০ নম্বৰৰ বাবে অনুস্থিত হ’ব৷ ইয়াৰে ইংৰাজীত ১২৫ নম্বৰ, সাধাৰণ জ্ঞানত ৭৫ নম্বৰ আৰু গণিতৰ ২০০ নম্বৰৰ পৰীক্ষা অনুস্থিত হ’ব৷ ১৮ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ বজালৈ ইংৰাজী, দিনৰ ১বজাৰ পৰা ২বজালৈ সাধাৰণ জ্ঞান আৰু দিনৰ ৩ বজাৰ পৰা ৪.৩০ বজালৈ গণিতৰ পৰীক্ষা হ’ব৷লিখিত পৰীক্ষাত উুত্তীর্ণ শিক্ষার্থীসকলক মৌখিক সা্ক্ষাৎকাৰৰ বাবে মতা হ’ব৷ মৌখিক সাক্ষাৎকাৰত উত্তীর্ণ শিক্ষার্থীসকলক নির্বাচিত মিলিটাৰী হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷ এই স্বাস্থ্য পৰীক্ষাত উত্তীর্ণ প্ৰার্থীসকলক মিলিটাৰী একাডেমীখনত নামভর্ত্তিৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হ’ব৷এই একাডেমীৰ পৰা উত্তীর্ণ ৮০ শতাংশ শিক্ষার্থীয়ে নেচনেল ডিফেন্স একাডেমীকে ধৰি আন আন ডিফেন্স একাডেমীত অধ্যয়নৰ সুযোগ লাভ কৰে৷ৰাষ্ট্ৰীয় মিলিটাৰী একাডেমীৰ পৰীক্ষা গুৱাহাটীতো অনুস্থিত হ’ব ৷ এডমিট কার্ডত পৰীক্ষাকেন্দ্ৰৰ নাম উল্লেখ থাকিব৷ অসম চৰকাৰে মেধাবী শিক্ষার্থীসকলক নিয়ম অনুসৰি প্ৰতি বছৰে ৫০,০০০ টকাকৈ জলপানি প্ৰদান কৰে৷ অবেদনপত্ৰ আৰু পূর্বৰ পৰীক্ষাৰ প্ৰশ্নকাকত অনলাইন মাচুল প্ৰদান কৰি আৰ আই এম চিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰিব৷ আবেদনপত্ৰৰ সৈতে জন্মৰ প্ৰমাণপত্ৰ(২কপি),স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ, অধ্যয়নৰত বিদ্যালয়ৰ প্ৰমাণপত্ৰ,আধাৰ কার্ড(২ কপি), পাচপ’র্ট ফটো(৫ কপি),পোষ্টেল এনভেলপ গাঠি দিব লাগিব৷ আবেদনপত্ৰসমূহ ল’ৰা প্ৰার্থীয়ে অহা ৩০ অক্টোবৰ আৰু ছোৱালী প্ৰার্থীসকলে অহা ১৫ নম্বেবৰৰ ভিতৰত জমা দিব লাগিব৷ আবেদনপত্ৰসমূহ কাহিলীপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰীক্ষা আৰু প্ৰশিক্ষণ শাখাত জমা দিব লাগিব৷