শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ এই উলহমালহৰ সময়চোৱাত শিশু, কিশোৰ কিশোৰী, যুৱক-যুৱতী,বয়োজ্যেষ্ঠ নাগৰিক আৰু বিশেষ ভাৱে সক্ষম পথচাৰীসকলৰ সুৰক্ষাৰ বাবে মহানগৰ আৰক্ষীৰ যানবাহন নিয়ন্ত্রণ শাখাৰ ডি চি পিয়ে এইবাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে লগতে এই সময়চোৱাত জৰুৰী কালীন সেৱা সমূহৰ সূচল যাতায়তৰ বাবে গুৰুত্ব আৰোপ কৰি কিছু নীতি নিৰ্দেশনা আৰু বাধা-নিষেধ জাৰি কৰিছে।
ড° আৰ পি ৰোডৰ ক্ষেত্ৰত গণেশ মন্দিৰ দিশৰ পৰা গণেশগুৰি উৰণীয়া সেতুৰ দিশলৈহে যান-বাহন চলাচল কৰিব পাৰিব।
জু-ৰোড দিশৰ পৰা গণেশ মন্দিৰৰ দিশে কোনো যানবাহন চলাচল কৰিব নোৱাৰিব।
হোলছেল মাৰ্কেটৰ দিশৰ পৰা ছাৰ্ভিচ ৰোড হৈ গণেগুৰিৰ দিশলৈ কোনো যানবাহন চলাচল কৰিব নোৱাৰিব।
শংকৰদেৱ ৰোডৰ ক্ষেত্ৰত হোলছেল মাৰ্কেট দিশৰ পৰা আৰ পি ৰোডলৈ (গণেশ মন্দিৰ) যান-বাহন চলাচল কৰিব পাৰিব।
জয়ানগৰ চাৰিআলি দিশৰ পৰা বেলতলা তিনিআলি দিশলৈ কোনোধৰণৰ যানবাহন চলাচল কৰিব নোৱাৰিব। এইক্ষেত্ৰত বেলতলা তিনিআলি দিশৰ পৰা জয়ানগৰ চাৰিআলি দিশলৈহে যানবাহন সমূহ চলাচল কৰিব পাৰিব।
বেলতলা তিনিআলি দিশৰ পৰা ভেটাপাৰা চাৰিআলি অভিমূখে বিষ্ণু ৰাভা পথেৰে যানবাহন চলাচল কৰিব পাৰিব কিন্তু বিপৰীত দিশৰ পৰা যানবাহন চলাচল কৰিব নোৱাৰিব।
বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলিৰ দিশে ড°বি এন শইকীয়া পথত যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।
বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিৰ ফালে কোনো যানবাহন প্ৰবেশ কৰিব নোৱাৰিব।
চাবিপুলৰ পৰা বিষ্ণু পুৰ আৰু ফটাশিল চাৰিআলিৰ দিশে কোনো যানবাহন চলাচল কৰিব নোৱাৰিব।
আৰ কে চৌধুৰী ৰোডৰ পৰা কে আৰ চি ৰোডলৈ কোনোধৰণৰ যানবাহন প্ৰৱেশ কৰিব নোৱাৰিব।
এ টি ৰোড (আঠগাওঁ উৰণীয়া সেতুৰ পৰা ভৰলুমুখ) আৰু ডি জি ৰোড (ভৰলুমুখৰ পৰা শান্তিপুৰ) ৰ ক্ষেত্ৰত কোনোধৰণৰ যানবাহন পাৰ্কিং কৰিব নোৱাৰিব।
মালিগাওঁ চাৰিআলিৰ পৰা পাণ্ডু অভিমুখে কোনোধৰণৰ যানবাহন চলাচল কৰিব নোৱাৰিব।
গো-শালাৰ দিশৰ পৰা অহা যানবাহন সমূহ পি এন জি বি ৰোড ৰে’লৱে ক্ৰছিং পাৰ হ’ব নোৱাৰিব।
এম জি ৰোডৰ পৰা খুবছান্দ পইণ্টলৈ ড° জে চি দাস ৰোডেৰে কোনো যানবাহন চলাচল কৰিব নোৱাৰিব।
অনুৰাধা পইণ্টৰ পৰা হাতীগড় চাৰিআলিৰ দিশলৈ কোনোধৰণৰ যানবাহন চলাচল কৰিব নোৱাৰিব।
বন্দনা পইণ্টৰ পৰা এছ বি আই গলি হৈ ৰিফাইনেৰীৰ দিশলৈ কোনো যানবাহন চলাচল কৰিব নোৱাৰিব।
চিটিবাছৰ বাবে পথ নিৰ্দেশনা
যিবোৰ বাছ গণেশগুৰি, জু-ৰোড, চানমাৰি, ৰবীন্দ্ৰ ভৱন, কাছাৰী, মালিগাঁৱলৈ অহা যোৱা কৰে সেইসমূহ এতিয়া বশিষ্ঠ চাৰিআলি, ত্ৰিপুৰা গলি, জয়ানগৰ, ছয়মাইল, এক্সপ্ৰেছ হাইৱে,নাৰেংগী, এম টি ৰোড হৈ নিজৰ গন্তব্য স্থানলৈ যাব পাৰিব।
বশিষ্ঠ মন্দিৰৰ পৰা আদাবাৰী বাছ ষ্টেণ্ডলৈ চলাচল কৰা বাছ সমূহ বশিষ্ঠ চাৰিআলি, ত্ৰিপুৰা গলি, জয়ানগৰ,ছয়মাইল,জি এছ ৰোডহৈ লক্ষ্য স্থানত উপনীত হ’ব পাৰিব।
আদাবাৰী বাছ ষ্টেণ্ডৰ পৰা লালগণেশলৈ যাবলগীয়া বাছ সমূহ এতিয়া মালিগাওঁ, কাছাৰী, ৰবীন্দ্ৰ ভৱন, গুৱাহাটী ক্লাব, চানমাৰি, নুনমাটি, পাথৰকুৱেৰী, এক্সপ্রেস হাইৱে, ছয়মাইল, জি এছ ৰোড, ছুপাৰ মাৰ্কেট, লাষ্ট গে’ট, গণেশ মন্দিৰ, কাহিলীপাৰা হে গন্তব্য স্থানত উপস্থিত হ’ব পাৰিব।
নটবমাৰ পৰা আমিনগাঁৱলৈ চলাচল কৰা বাছ সমূহ ৰাষ্ট্ৰীয় ঘাইপথ, ত্ৰিপুৰা গলি, এক্সপ্রেস হাইৱে, নাৰেংগী, নুনমাটি, চানমাৰি হৈ আমিনগাঁৱলৈ যাব পাৰিব।
১২অক্টোবৰৰ পৰা ১৭অক্টোবৰলৈ পুৱা ৬বজাৰ পৰা নিশা ১০বজালৈ ছয় চকাযুক্ত বা ততোধিক চকাযুক্ত যিকোনো ধৰণৰ বাণিজ্যিক সামগ্রী কঢ়িওৱা গাড়ী গুৱাহাটীত বন্ধ থাকিব।
তিনি আৰু চাৰি চকাযুক্ত লঘূ সামগ্রী কঢ়িওৱা গাড়ী সমূহ ১২ৰ ১৬ অক্টোবৰ লৈ পুৱা ৪বজাৰ পৰা পুৱা ৯বজালৈকে মহানগৰীত প্ৰবেশ কৰিব পাৰিব।