সামাজিক মাধ্যমত কিছুমান প্ৰশ্ন উত্থাপন হয়। কিছু সংখ্যক লোকে বিহুক অসমৰ জাতীয় উৎসৱ বুলি দুৰ্গা পূজাৰ বিৰোধিতা কৰে।
দেৱীৰ উপাসনা নতুন নহয়। ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা দেৱী পূজা প্ৰচলন হৈ আহিছে। অতীতৰ অসম অনাৰ্য। ইয়াৰ লোকসকলক কিৰাতীয় মূলৰ বুলিও কোৱা হয়। তেওঁলোকৰ মুখ্য দেৱতা অনাৰ্য শিৱ, যাক কিৰাত বুলিও কোৱা হয়। মাতৃ প্ৰধান জনজাতি সমাজে দেৱী উপাসনাৰ কথা কামাখ্যা মন্দিৰৰ উপস্থিতিয়ে প্ৰমাণ কৰে। কালিকা পুৰাণ, যোগিনীতন্ত্ৰই প্ৰাচীন অসমৰ পূজাৰ আভাস দিয়ে।
কোঁচ ৰজা নৰনাৰায়ণে দেৱী পূজা কৰিছিল। কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। কোঁচ ৰাজ্যৰ পৰা পূজা বিধি শিকি আহোম সকলৰ ভিতৰত পোন প্ৰথমে প্ৰতাপ সিংহ স্বৰ্গদেৱে মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজাৰ প্ৰচলন কৰিছিল।
সেই ফালৰ পৰা চাবলৈ গ’লে অসমৰ জাতীয় উৎসৱ বিহু হৈছে সৌ তাহানিৰ দিনৰ। চুতীয়া আৰু আহোমৰ যুটীয়া অৱদানত বিহুৰ বিকাশ সাধন হয়। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই গছৰ তলৰ বিহুক মঞ্চলৈ আনি এক অনন্য মাত্ৰা প্ৰদান কৰে।
গছৰ তলৰ আমাৰ ডেকা গাভৰুৰ বিহুযোৰাৰ বিষয়ে পূৰ্বতে ভাল ধাৰণা নাছিল। বিহুক এক অশ্লীল নৃত্য বুলিও অভিহিত কৰিছিল। বৰ্তমানৰ পৰ্যায়ত উপনীত হওতে বহুতো ঘাত প্ৰতিঘাতৰ মাজেদি আগবাঢ়ি আহিছে।
কিন্তু সেইবুলি দুৰ্গা পূজাক আওকাণ কৰিলে ভুল হ’ব। দুৰ্গা পূজা অসমত হাজাৰ বছৰ পুৰণি উৎসৱ। বিহুতকৈ বহু যুগৰ পুৰণি। লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি কেইবাগৰাকীও মহান সাহিত্যিকে দুৰ্গা পূজাক জাতীয় উৎসৱৰ মান্যতা প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰিছিল।
হয়তো অসমত নৱ বৈঞ্চৱ যুগৰ প্ৰচাৰ, বঙালী সম্প্ৰদায়ৰ পৰা নিজকে পৃথক কৰি ৰাখিবলৈ বিহুক কিছু সুকীয়া স্থানত ৰাখিলে। অসমৰ কিছু প্ৰান্তত দুৰ্গা পূজা উপেক্ষিত হৈ ৰ’ল।
সেইবুলি বিহু আৰু দুৰ্গা পূজা কোনটো অসমীয়াৰ দৰে চিন্তা ভিত্তিহীন। বিহুও আমাৰ পূজাও আমাৰ। আচলতে আনন্দৰ বন্যা কঢ়িয়াই অনা জাতি ধৰ্ম নিৰ্বিশেষে সকলো উৎসৱ আমি পালন কৰি আনন্দ উপভোগ কৰা উচিত।