-ময়ূৰী শৰ্মা গোস্বামী
তুমি খনিকৰ,
ৰূপ দিয়া,গঢ় দিয়া,
প্ৰাণ দিয়া তুমি।
তুমি মৃণ্ময় শিল্পী,
তুমি নয়ন দিয়া , দৃষ্টি দিয়া ,
মৰ্ত্যলৈ নমাই আনা দেৱী।
মহালয়াত ষোড়শপচাৰেৰে_
তোমাৰ প্ৰতিমা সজ্জিত হব ।
নৱৰাত্ৰি অষ্ট প্ৰহৰত,
প্ৰতিমা জাগ্ৰত হব।
তুমি কাৰিকৰ তুমি খনিকৰ…
তোমাৰ হাতৰ যাদুৰে,
প্ৰতিমাক ৰূপ দিলা,
কৰি মনোমুগ্ধকৰ ।
দিন ৰাতি একাকাৰ কৰি ,
মন প্ৰাণ এক কৰি ,
প্ৰতিমা তুমিয়েই গঢ়া ।
শৰতৰ শাৰদ পূৰ্ণিমাত ,
নিয়ৰ আৰু শেৱালীৰ সতে _
চৌদিশে পবিত্ৰতা বিয়পোৱা ।
তোমাৰ আত্মাৰ আকুতিৰে,
নমাবা দেৱীক মৰ্ত্য লৈ ।
তোমাৰ প্ৰাণৰ ভকতিতে ,
দূৰ্জন নাশিব দেৱীয়ে ,
শক্তি ৰূপ লৈ ।
গঢ়োতা তুমি,
স্ৰজোতা তুমি,
নয়নত দৃষ্টি আনোতে…
গাত কালিকা চৰেনে তোমাৰ ?
ষষ্ঠীত প্ৰতিস্থাৰে দেবীক,
বিজয়াত বিসৰ্জোতে ,
অন্তৰ গলি খহি,
কান্দে চাগে তোমাৰ ।।।