আপোনাৰো হয়তো এনে এখন পৃথিৱীৰ কথা কল্পনা কৰি ভাল লাগিব য’ত যিকোনো এখন কাগজৰ পৰাই এটা গছপুলি গজি উঠিব পাৰে আৰু আমি নভবাকৈয়ে এখন সেউজীয়া পৃথিৱীৰ সপোন বাস্তবায়িত হ’ব পাৰে।
তেনে এক উদাহৰণ হৈছে এখন ভিজিটিং কাৰ্ড। যাক ৰোপন কৰাত এজোপা গছপুলিৰ সৃষ্টি হয়। এই কাৰ্যকলাপৰ বাবেই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে আই. এফ. এচ. বিষয়া পাৰৱিন কাচৱানে।
আই. এফ. এচ. বিষয়া পাৰৱিন কাচৱানৰ গছ গজিব পৰা ভিজিটিং কাৰ্ডৰ কথা সামাজিক মাধ্যমত ব্যাপকভাবে প্ৰচাৰ হোৱাৰ পিছত তেওঁৰ পৰা আন বহুতেই এই কাৰ্ড কেনেকৈ পাব পাৰি তাৰ সবিশেষ জানিবলৈ বিচাৰে আৰু সেয়ে এই ভিজিটিং কাৰ্ডৰ বিষয়ে তেওঁ সামাজিক মাধ্যমৰ যোগেদি সকলোকে জানিবলৈ দিয়ে।
পাৰৱিন কাচৱানৰ টুইটাৰত যথেষ্ট সংখ্যক অনুৰাগী আছে আৰু সেয়ে তেখেতে তেওঁৰ সেই বিশেষ ভিজিটিং কাৰ্ডখনৰ প্ৰতিচ্ছবি টুইটাৰত টুইট কৰিছে। অৱশ্যে সেইখন দেখিলে আপোনাৰ এনে লাগিব সেইখন এখন একেবাৰে সাধাৰণ কাৰ্ড।
So now anybody coming to my office is getting this. This card when planted grows into a bright basal plant. Thanks @WildLense_India. pic.twitter.com/xL9xgPCbbF
— Parveen Kaswan, IFS (@ParveenKaswan) September 1, 2020
কিন্তু কাচৱানে টুইট কৰা এই ফটোখন সাংঘাতিক ভাবে ভাইৰেল হোৱা দেখা পোৱা গ’ল। কাৰণ এক বিশেষ ধৰণৰ কাগজৰ পৰা এই কাৰ্ড তৈয়াৰ কৰা হৈছে যাক ‘চিডপেপাৰ’ বুলি কোৱা হয়। এই কাগজ হৈছে বায়’দিগ্ৰেডেবল অৰ্থাৎ মাটিৰ সৈতে সহজে মিলি যাব পৰা যাক তৈয়াৰ কৰা হৈছে পে’পাৰ পাল্প আৰু অৰগেনিক বীজৰ পৰা।
এই কাগজ এবাৰ আপোনাৰ ব্যৱহাৰত অহাৰ পিছত আপুনি ইয়াক টাবত লগাব পাৰে আৰু আপোনাৰ মন সেউজীয়া কৰি দুদিনৰ পিছতেই লহপহকৈ বাঢ়ি আহিব এজোপা সেউজীয়া গছ। তেওঁৰ টুইটত জনোৱা মতে তেওঁৰ কাৰ্য্যালয়লৈ অহা আৰু এই কাৰ্ড খন সজতনে ৰাখিবলৈ বিচৰা , গছ ভাল পোৱা প্ৰতিজন ব্যক্তিয়েই তেওঁৰ পৰা লাভ কৰিব পাৰে এই বিশেষ ভিজিটিং কাৰ্ড য’ৰ পৰা জন্ম হ’ব পাৰে এজোপা সেউজীয়া গছ যেন এটা ধুনীয়া সেউজীয়া সপোন ।