জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত উগ্ৰবাদী বিৰোধী অভিযানত পুনৰ এজন সেনা বিষয়া আৰু এজন জোৱানৰ মৃত্যু হৈছে৷ জানিব পৰামতে বৃহস্পতিবাৰে নিশাৰভাগত সংঘটিত এক সংর্ঘষত তেওঁলোকৰ মৃত্যু হয়৷ পুঞ্চ – ৰজৌৰি বনাঞ্চলত উগ্ৰবাদী আৰু সেনাৰ মাজত এই সংঘর্ষ হৈছিল ৷ পাঁচদিন পূর্বে একেটা অঞ্চলত সংঘটিত সংঘর্ষত ৫ জন সেনা জোৱান শ্বহীদ হৈছিল ৷
উগ্ৰবাদী বিৰোধী এই অভিযানৰ বাবে সম্প্ৰতি পুঞ্চ অঞ্চল বন্ধ কৰি দিয়া হৈছে ৷ সেনাবাহিনীয়ে প্ৰকাশ কৰা অনুসৰি পূর্বে জোৱানৰ ওপৰত আক্ৰমন চলোৱা উগ্ৰবাদী গোটৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে ৷ বিগত চাৰিদিন ধৰি এই অভিযান চলাই অহা হৈছে যদিও ঘন জংঘল আৰু ওখ পাহাৰৰ সুযোগ লৈ উগ্ৰবাদীয়ে সেনাজোৱানক লক্ষ্য কৰি ধাৰাষাৰ গুলীবর্ষণ কৰি আহিছে ৷