অলপতে প্ৰকাশিত হাংগাৰ ইনডেস্ক ২০২১ৰ তালিকত ভাৰতৰ স্থান পূৰ্বতকৈও পিছুৱাই গ’ল। ১১৬ খন দেশৰ ভিতৰত ভাৰত ১০১ তম স্থানত উপনীত হৈছে। ২০২০ চনত ৯৪ তম স্থানত থকা ভাৰত ১০১ সংখ্যক স্থানলৈ পিছুৱাই অহা দেখি সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ স্থান হাংগাৰ ইনডেস্কৰ শীৰ্ষত আছে। বিশ্বৰ আটাইতকৈ কম ভোকাতুৰ চুবুৰীয়া চীনত আছে। আনহাতে ৭১ তম স্থানত ম্যানমাৰ, ৭৬ তম স্থানত বাংলাদেশ আৰু ৯২ তম স্থানত পাকিস্তান আছে।