বিজয়া দশমীৰ শুভ ক্ষণত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ৭ টাকৈ নতুন প্ৰতিৰক্ষা কোম্পানীৰ উদ্বোধন কৰে। ২০০ বছৰৰ পুৰণি অৰ্ডনেন্স কোম্পানীৰ অধীনস্থ ৪১ টা কাৰখানাক ৭ টা কোম্পানীৰ অধীনস্থ কৰা হয়।
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিৰক্ষা বিভাগৰ সংস্কাৰ সাধনে ভাৰতক প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত আত্ম নিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হ’ব মোডী ডাঙৰীয়াই মত প্ৰকাশ কৰে।
মিউনিচনছ ইণ্ডিয়া লিমিটেড, আমাৰ্ড ভেহিকলছ নিগম লিমিটেড, ট্ৰ’পছ কম্ফ’ৰ্ট লিমিটেড, গ্লাইডাৰ্ছ ইণ্ডিয়া লিমিটেড, এডভান্স ৱেপনছ এণ্ড ইকুইপমেণ্ট ইণ্ডিয়া লিমিটেড, ইণ্ডিয়া অপটিকেল লিমিটেড আৰু য়ান্ত্ৰা ইণ্ডিয়া লিমিটেড নামৰ এই ৭ টা নতুন প্ৰতিৰক্ষা কোম্পানীয়ে ভাৰতৰ প্ৰতিৰক্ষাৰ দিশত নতুন যুগৰ সূচনা কৰিব বুলি দেশবাসী আশাবাদী।