দশেৰাৰ আনন্দৰ মাজতে চট্টিশগড়ত সংঘটিত হ’ল এক শোকাবহ ঘটনা ৷ দশেৰা উপলক্ষে উলিওৱা এক শোভাযাত্ৰা মহতিয়াই নিয়ে এখন গাঞ্জাভর্তি বাহনে ৷ শুকুৰবাৰে চট্টিশগড়ৰ যশপুৰত সংঘটিত এই ঘ্টনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২০ জন লোক গুৰুতৰভাবে আহত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ৰাইপুৰৰ পৰা ৩০০ কি: মি: নিলগৰ চহৰখনত শিশু, মহিলাসহ প্ৰায় শতাধিক লোকে দশেৰা উপলক্ষে উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল৷ সেই সময়তে আৰক্ষীৰ বাধা নামানি তীব্ৰ বেগেৰে অহা গাঞ্জাভর্তি বাহনখনে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলক মহতি্য়াই লৈ যায়৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকল ক্ষোভত ভাগি পৰে আৰু দূর্ঘটনা সংঘটিত কৰা বাহনখনত অগ্নিসংযোগ কৰে৷ পৰৱর্তীসময়ত ক্ষুব্ধ লোকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷