যোৱা ১৫ অক্টোবৰ তাৰিখে ভাৰতীয় সময় ৩ বাজি পাঁচ মিনিটত বৃহস্পতি গ্ৰহৰ ট্ৰ’জান গ্ৰহাণুলৈ নাছাই সৌৰশক্তি চালিত মহাকাশযান লুচি প্ৰেৰণ কৰে।
আদি মানৱৰ বিশেষ এটা প্ৰজাতিৰ নামত ৰখা যানখনে বৃহস্পতি গ্ৰহৰ ট্ৰ’জান গ্ৰহাণুৰ ওপৰত সুদীৰ্ঘ ১২ বছৰকাল সোণ, হীৰাকে ধৰি মূল্যবান ধাতুৰ সন্ধান কৰিব। সন্ধানৰ অন্তত সেই মূল্যবান সম্পদসমূহ পৃথিৱীলৈ আনিব পৰা হ’ব নেকি এইবিষয়েও অধ্যয়ন কৰিব।
ইয়াৰ উপৰিও মহাকাশযানখনে ডোনাল্ড জোহানছন নামৰ অন্য এটা গ্ৰহাণুৰ অধ্যয়ন কৰিব। মঙল আৰু বৃহস্পতিৰ মাজত থকা ডোনাল্ড জোহানছনৰ বিষয়ে সবিশেষ অধ্যয়ন কৰি সৌৰজগতৰ নতুন তথ্যৰ যোগান ধৰিব।