কালি এক ১৮ মিনিটৰ ভিডিঅ’ যোগেদি আল কায়দা আৰু ISIS এ অসম ৰক্তাক্ত কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগে লগে অসম আৰক্ষীয়ে ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি কৰিছে।
বাবৰী মছজিদ ধ্বংসৰে পৰা আৰম্ভ কৰি ভাৰতত মুছলমানৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে সন্ত্ৰাসবাদী সংগঠনে ভিডিঅ’ত উল্লেখ কৰে। শেহতীয়াকৈ অসমত মুছলমানৰ ওপৰত অত্যাচাৰ বৃদ্ধি পোৱাৰ কাৰণে অসমত কুটাঘাটৰ ভাবুকি প্ৰদান কৰে।
শেহতীয়াকৈ বাংলাদেশত সক্ৰিয় হৈ থকা আল কায়দাৰ আৰ এছ এছৰ প্ৰতিনিধিসকল অন্যতম মুখ্য লক্ষ্য বুলিও উল্লেখ কৰে।
বাছ আস্থান, ৰেলৱে ষ্টেচন, বজাৰ আদি মানুহৰ সমাগম এলেকাত কুটাঘাট সংঘটিত হ’ব পাৰে বুলি আৰক্ষীয়ে জনসাধাৰণক সতৰ্ক কৰিছে। পূজাৰ পূৰ্বৰে পৰা কুটাঘাটৰ আশংকা কৰিছিল বুলি অসম আৰক্ষীয়ে জানিবলৈ দিয়ে। দেৱালীৰ প্ৰাকক্ষণত আল কায়দা, ISISৰ এই ভাবুকিয়ে জনসাধাৰণৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে।