মেঘালয়ৰ বন তথা পৰিবেশ মন্ত্রী জেমচ চাংমালৈ আনাৰসৰ পৰা চামৰা উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যতিক্রমী প্ৰয়াসৰ বাবে ‘পিপল ফৰ দা এথিকেল ট্ৰিটমেন্ট অব্ এনিমেলছ'(পেটা) ইণ্ডিয়া নামৰ সংস্থাটোৱে আগবঢ়াব প্ৰগ্ৰেছিভ বিজনেছ কনচেপ্ট পুৰস্কাৰ।
মেঘালয়ত প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা আনাৰসৰ পৰা চামৰা উৎপাদনৰ এই পদ্ধতিৰ জৰিয়তে স্থানীয় কৃষকসকলক লাভান্বিত কৰাৰ এই পদক্ষেপৰ বাবেই চাংমালৈ সংস্থা টোৱে এই পুৰস্কাৰ আগবঢ়াব। মন্ত্ৰী গৰাকীৰ এই পদক্ষেপৰ ফলত জীৱ জন্তুৰ জীৱনো ৰক্ষা পৰিব বুলি আশা কৰা হৈছে। মেঘালয়ত ভেগান লেডাৰ উৎপাদনৰ বাবে চাংমাৰ তৎপৰতাত এক অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে।
জীৱ জন্তুৰ চালৰ পৰিৱৰ্তে আনাৰসৰ পৰা চামৰা প্ৰস্তুত কৰণৰ এই প্ৰচেষ্টাৰ কথা চাংমাই হায়দৰাবাদত সবিশেষ উল্লেখ কৰাৰ পিছত ‘পেটা ইণ্ডিয়া’ৰ জেষ্ঠ প্ৰচাৰ সমন্বয় ৰক্ষী ৰাধিকা সূৰ্য্য বংশীয় মন্তব্য কৰে যে থলুৱা কৃষক সকলক সহায় কৰাৰ উদ্দেশ্যে মন্ত্রী গৰাকীয়ে কৰা এই প্ৰচেষ্টাৰ বাবেই তেওঁলৈ এই পুৰস্কাৰ আগবঢ়োৱা হৈছে আনহাতে এই পদক্ষেপৰ ফলত জীৱ জন্তুৰ লগতে পৰিবেশৰ ওপৰতো যোগাত্মক প্ৰভাৱ পৰিব বুলি তেওঁ মত পোষণ কৰে।