অহা ২৩ আৰু ২৪ অক্টোবৰত গুৱাহাটীৰ মণিৰাম দেৱান বানিজ্য কেন্দ্ৰত দ্বিতীয়বাৰৰ বাবে নৰ্থ ইষ্ট মেডিকেল এক্সপ’ অনুষ্ঠিত হ’ব।
বিভিন্ন ধৰণৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সা- সঁজুলি, যন্ত্ৰ পাতি আদিৰ প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰীৰ ব্যৱস্থাও কৰা হ’ব। চাৰ্জিকেল চুৰীৰ পৰা আই চি ইউৰ বাবে প্ৰয়োজনীয় সৰু বৰ প্ৰতিটো সঁজুলি, হস্পিতালৰ পৰ্দাৰ পৰা অপাৰেচন থিয়েটাৰৰ বাল্বলৈকে, প্ৰতিটো সৰু বৰ চাৰ্জাৰীৰ বাবে প্ৰয়োজনীয় আধুনিক সৰঞ্জামকে ধৰি সকলো চিকিৎসাৰ ক্ষেত্ৰত জড়িত সকলো বস্তু উপলব্ধ হ’ব।
বৰ্তমান উত্তৰ পূব ভাৰত মেডিকেল টুৰিজিমৰ এক নতুন সম্ভাৱনা। বাংলাদেশ আৰু ম্যানমাৰৰ পৰা ইতিমধ্যে বহুতো লোক উত্তৰ পূবৰ অসম, মেঘালয়ৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতিয়ে দক্ষিণ পূব এছিয়াৰ দেশ সমূহৰ কাৰণে উত্তৰ পূব ভাৰত এক সম্ভাৱনা হৈ উঠাৰ স্থল আছে।
ইয়াৰ পূৰ্বে ২০১৯ চনৰ আগষ্ট মাহত দুদিনীয়াকৈ পূৰ্বে নৰ্থ ইষ্ট মেডিকেল এক্সপ’ অনুষ্ঠিত হৈছিল। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা ৫৫ খন বিপনী আহিছিল।
উল্লেখযোগ্য যে এইবাৰ ৭৫ খন বিপনীৰ সৈতে ২০০ জন চিকিৎসকে অংশ গ্ৰহণ কৰিব। ইয়াৰ উপৰিও এইবাৰ দুদিনীয়া কৰ্মশালাৰো ব্যৱস্থা কৰিছে।