সমগ্ৰ বিশ্বতে খলকনি তোলা শ্ৰীলংকাৰ য়ুহানীৰ কণ্ঠৰ মেনিকে মাগে হিথে শীৰ্ষক গীতটি এইবাৰ হিন্দী ভাষাত শুনিবলৈ পোৱা যাব।
অজয় দেৱগন, সিদ্ধাৰ্থ মালহোট্ৰা, ৰাকুল প্ৰীতে অভিনয় কৰা ২০২২ চনত মুক্তিলাভ হ’বলগীয়া চিনেমা Thank God ত মেনিকে মাগে হিথে শীৰ্ষক গীতটিৰ হিন্দী ৰূপ শুনিবলৈ পোৱা যাব। গীতটিত য়ুহানীয়ে কণ্ঠদান কৰিব।
ইয়াৰ পূৰ্বেও ২৮ বছৰীয়া য়ুহানীয়ে বলিউদৰ চিদ্দত বোলছবিত কণ্ঠদান কৰিছে।
বিশ্বত খলকনি তোলা য়ুহানীক কিছু দিন পূৰ্বে ভাৰতৰ বিখ্যাত টেলিভিচন শ্ব’ বিগ বছত দেখা পোৱা গৈছিল।