বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কভিদ মহামাৰীৰ ফলত অন্য প্ৰান্তৰৰ লগতে ভাৰতবাসীও গৃহবন্দী হয়। গৃহ বন্দীত্বৰ কালছোৱাত সময় পাৰ কৰিবলৈ জনতাই বিভিন্ন OTT প্লেটফৰ্ম সমূহত নতুনকৈ আৰম্ভ হোৱা ৱেব চিৰিজসমূহৰ প্ৰতি আকৰ্ষিত হয়।
নেটফ্লিক্স, এমাজন প্ৰাইম ভিডিঅ’, হটষ্টাৰ, চনী লিভ, ভোট, জি ফাইভকে ধৰি OTT প্লেটফৰ্মসমূহ প্ৰচাৰিত সাধাৰণ অভিনেতাৰ দ্বাৰা অভিনীত ৱেব চিৰিজসমূহে মানুহক ভয়ংকৰ কভিদ পৰিস্থিতি পাহৰাই ৰখাত সফল হয়।
পংকজ ত্ৰিপাঠী, মনোজ বাজপেয়ী, জীতেন্দ্ৰ কুমাৰ, ছায়ানী গুপ্তা, ৰসিকা দুগল, টিস্কা চোপ্ৰা আদিৰ দৰে অভিনেতা অভিনেত্ৰীসকলে দৰ্শক হৃদয় জিনিবলৈ সুযোগ লাভ কৰে।
চিনেমা আৰু অভিনয়ৰ প্ৰতিও যেন মানুহৰ ধাৰণা সলনি হয়। কেৱল চুপাৰষ্টাৰৰ পিছত দৌৰা জনসাধাৰণে সদায় আওকাণ কৰি অহা শিল্পীসকলৰ প্ৰচেষ্টাক নতুন দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰে।
অতি কম খৰচতে ott প্লেটফৰ্মত শুভমুক্তি লাভ কৰা ইখনৰ পিছত সিখন চিনেমাই জনসাধাৰণক চিনেমা হলৰ অভাৱ অনুভৱ হ’বলৈ দিয়া নাই।
শেহতীয়াকৈ বিকি কৌশল, আয়ুস্মান খুৰানা, ৰাজকুমাৰ ৰাও, ভূমি পেণ্ডেকাৰ আদিৰ বলিষ্ঠ অভিনয়ে চিনেমাৰ ধাৰা সলনি কৰাত এক বিশেষ ভূমিকা পালন কৰিছিল। কভিদ পৰিস্থিতিত এই ধাৰণা পুনৰ সবল হৈ উঠিল।
ইয়াৰ বিপৰীতে অলৌকিক চমক প্ৰদৰ্শন কৰা অধিক বাজেটৰ চুপাৰষ্টাৰসকলৰ চিনেমাত কাহিনীৰ গতি হেৰাই যোৱা পৰিলক্ষিত হ’বলৈ ধৰিছে।
অনাগত দিনবোৰত চুপাৰষ্টাৰ খানকেইজনে ধৰি অন্য চুপাৰষ্টাৰসকলেও দৰ্শকৰ মনত পূৰ্বৰ দৰে দপদপাবলৈ সক্ষম হ’ব নে নহ’ব এই সন্দৰ্ভত সন্দেহ আছে।
কম খৰছতে নিতৌ ন ন বোলছবিৰ আমেজ লোৱা দৰ্শকসকল পুনৰ চিনেমা হলসমূহত পূৰ্বৰ দৰে ভিৰ কৰিবগৈ নে নাই এই বিষয়ে সঠিককৈ ক’বলৈ টান হ’ব। কিন্তু দৰ্শকে পূৰ্বতকৈ বহু গুণে বেছি ঘৰতে বহি যে উপভোগ কৰাৰ সুবিধা পাইছে ইয়াত কোনো দ্বিমত নাই। কভিদ মহামাৰীৰ অন্তত এই দিশসমূহে চুপাৰষ্টাৰ আৰু কেইজনমান মুষ্টিমেয় প্ৰযোজক পৰিচালকৰ দখলত থকা বলিউদত যে প্ৰভাৱ পেলাব তাত সন্দেহ নাই।