কালি অসমত মুঠ কভিদ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩৫৩ জনলৈ বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্য চৰকাৰ চিন্তিত হৈ পৰিছে। আনহাতে আক্ৰান্তৰ হাৰ ০.৮৯% লৈ বৃদ্ধি পাইছে। অৱশ্যে কালিৰ দিনটোত কভিদ আক্ৰান্তৰ মৃত্যু হোৱা নাই।
কামৰূপ মহানগৰতে ১৫২ জন লোক আক্ৰান্ত হোৱাত পুনৰ আগৰ ভয়াবহ পৰিস্থিতি ঘূৰি আহিব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।
ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই বৰ্দ্ধিত হাৰ দেখি তেওঁৰ শংকা প্ৰকাশ কৰি কয় যে যদি আগন্তুক তিনি চাৰিদিনত আক্ৰান্তৰ হাৰ এনেদৰে বৃদ্ধি পাবলৈ ধৰে তেন্তে ৰাজ্য চৰকাৰে কঠোৰ নীতি পালন কৰিব।