প্ৰধান মন্ত্ৰী শেইখ হাচিনাৰ দোষীক শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি
প্ৰায় এসপ্তাহ আগতে বাংলাদেশত দুৰ্গোৎসৱ পালন কৰাৰ সময় চোৱাতে প্ৰায় ৬জনকৈ হিন্দুধৰ্মাৱলম্বী লোক নিহত হয় আৰু শতাধিক লোক আহত হয়। দেশখনৰ হিন্দু ধৰ্মীয় উপাসনাৰ বিভিন্ন ঠাই সমূহত মূৰ্তি ভাঙি চূড়মাৰ কৰা,হিন্দু লোকক অত্যাচাৰ কৰা আদি বিভিন্ন আক্ৰমণাত্মক ঘটনাৰ বাতৰিও ইতিমধ্যেই পোহৰলৈ আহিছে।
ঢাকাৰ পৰা প্ৰায় ১০০কিলোমিটাৰ নিলগৰ চন্দ্ৰপুৰ এলেকাৰ কুমিলা নামৰ ঠাইত দুৰ্গা পূজাৰ মণ্ডপত এই ঘটনা সংঘটিত হয়।। উক্ত ঘটনাক লৈ বিশ্ব জুৰি বিষম প্ৰতিক্ৰিয়া হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশৰ প্ৰধান মন্ত্ৰী শেইখ হাচিনাই দোষী সকলে শাস্তি পাবই বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু হিন্দু মন্দিৰত হোৱা এই আক্ৰমণৰ লগত জড়িত কোনো দোষীয়েই সাৰি যাব নোৱাৰিব বুলিও তেওঁ সংবাদ মাধ্যমক জনায়।
আনহাতে গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন স্থানতো এই ঘটনাৰ তীব্র গৰিহণা দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহানগৰীত থকা বাংলাদেশৰ সহকাৰী উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত দৈনিক উত্তাল পৰিস্থিতি। বজৰং দল, সনাতনী হিন্দু আৰ্মি, বাংলা সাহিত্য সভা, অসমকে লৈ কেইবাটাও দল সংগঠনে সাব্যস্ত কৰিছে তীব্র প্রতিবাদ। বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলাৰ লগতে সহকাৰী উচ্চায়ুক্তৰ জৰিয়তে বাংলাদেশৰ প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰে বজৰং দল আৰু সনাতনী হিন্দু আৰ্মিৰ সদস্য সকলে। বাংলা সাহিত্য সভা অসমেও বাংলাদেশত চলা হিন্দু নিৰ্যাতনৰ ঘটনা শীঘ্ৰে ৰোধ কৰাৰ দাবী জনায়।
ৰাজ্য খনৰ বকো, লামডিঙকে আদি কৰি বিভিন্ন ঠাইত দল সংগঠন সমূহে প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে বাংলাদেশত হিন্দু সকলৰ ওপৰত হোৱা এই অমানৱীয় ঘটনাৰ তীব্র বিৰোধিতা কৰে আৰু কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ স্মাৰক পত্ৰ প্ৰদান কৰি বাংলাদেশত থকা হিন্দু সকলৰ সুৰক্ষাৰ বাবে দাবী জনায়।