অসমৰ লক্ষীমপুৰ জিলাৰ মনিন্দ্র টাইদ আৰু মাকমি নৰহ টাইদৰ সুযোগ্য সন্তান সৃষ্টি ৰাণী টাইদ যি অসমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্রী।
‘সামাজিক ন্যায় আৰু অধিকাৰ মন্ত্ৰালয়’, ‘নিটি আয়োগ’, ‘আত্মনিৰ্ভৰ ভাৰত’, ‘ডিজিটেল ইণ্ডিয়া’ৰ সহযোগত আৰু ‘ৰাষ্ট্ৰীয় উৎপীড়ন বিৰোধ বিধি’ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ‘ভাৰত ভূষণ’ সন্মানেৰে সন্মানিত হয় একাদশ শ্ৰেণীৰ ছাত্রী সৃষ্টি ৰাণী টাইদ।উৎপীড়নৰ বিৰুদ্ধে নিজৰ লেখাৰ দ্বাৰা সজাগতা সৃষ্টি কৰা আৰু সামাজিক মূল্যবোধৰ উৎকৰ্ষ সাধনত মনোনিবেশ কৰাৰ বাবেই তেওঁলৈ এই সন্মান আগবঢ়োৱা হয়।
১৭অক্টোবৰ তাৰিখে মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত এন এ এছ এফৰ চেন্সেলৰ ডা°দিকামৰাজা আৰু মহানিৰ্দেশক ডা°জে কে সুব্ৰমণিয়মৰ পৰা এই সৃষ্টিৰাণীয়ে এই বঁটা গ্ৰহণ কৰে।
সৃষ্টিৰাণী একেধাৰে এগৰাকী কবি, লেখক আৰু গীতিকাৰ যাৰ বিভিন্ন লেখা, গীত আৰু কবিতা আঠোটাকৈ ভাৰতীয় ভাষাত প্ৰকাশিত।
কম বয়সতে লেখিকা গৰাকীয়ে ‘ৱৰ্ল্ড বুক অব্ টেলেন্ট ৰেকৰ্ডছ’, ‘ইণ্ডিয়া প্ৰাইম আইকন ৰেকৰ্ডছ’, ‘ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন’, ‘জি টাউন এৱাৰ্ডছ’, ‘ডব্লিউ বি টি আৰ গ্ল’বেল এক্সিলেন্স অনলাইন এৱাৰ্ডছ’ আদি বঁটা আৰু সন্মানেৰে ইতিমধ্যেই সন্মানিত হৈছে। ‘নেচনেল হিউমেন ৰাইটছ অৰ্গেনাইজেচনৰ ‘ইণ্ডিয়ান আইকন এৱাৰ্ড’ৰ বাবে তেওঁ নিৰ্বাচিত হৈছে।
সৃষ্টিৰাণী ৰ এই সফলতা কেৱল তেওঁৰ পিতৃ-মাতৃ বা শিক্ষানুষ্ঠানৰেই নহয় সমগ্র অসম বাসী ৰাইজৰ বাবেই আনন্দৰ খবৰ ।