মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাদেৱৰ নিৰ্বাচ্চন কেন্দ্ৰিক ৰেলী সমূহত সততে দেখিবলৈ পোৱা যায় শিশুৰ সতে কটোৱা কিছুমান সুন্দৰ মুহূৰ্ত। এনে দৃশ্যই বিশেষ তাৎপৰ্য বহন কৰাৰ লগতে জনসাধাৰণৰ মনত আৱেগিক ঢৌৱে ৰেখাপাত কৰে।
অলপতে মাজুলীৰ কিছু শিশুৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰি কিছু মুহূৰ্ত উদযাপন কৰাও দেখা গৈছিল।
শিশুৰ লগত হাঁহিবলৈ ভাল পোৱা মানুহজনক আমি কেৱল এজন দূৰদৰ্শী ৰাজনীতিবিদ হিচাপে বিবেচনা নকৰি প্ৰকৃতাৰ্থত তেখেতৰ শিশুসুলভ আৰু আৱেগিক বৈশিষ্ট্য সম্বলিত চাৰিত্ৰিক দিশটোকো অনুধাৱন কৰিব পাৰোঁ।
নৱ প্ৰজন্মৰ মাজত মামা হিচাপে খ্যাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শিশুসকলৰ প্ৰতি ব্যৱহাৰ এজন মোমায়েকৰ দৰেই দেখা যায়।
ৰাজনৈতিকবিদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাক পটুতা আৰু তেওঁৰ কথা কোৱাৰ ভংগীক কোনেও সহজতে আওকাণ কৰিব নোৱাৰে। ৰাজনৈতিক মত বিৰোধ থাকিলেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই চাৰিত্ৰিক দিশ আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব।