প্ৰতিবছৰে ২১ অক্টোবৰত পুলিচ বিষয়া সকলৰ মহান ত্যাগৰ কথা স্মৰণ কৰি তেওঁলোকৰ দেশপ্রেম আৰু ত্যাগক সন্মান জনাই এই দিনটো পালন কৰা হয়।
১৯৫৯ চনৰ ২১ অক্টোবৰ তাৰিখে লাদাখত চীনা সৈন্যৰ গুলীত শ্বহীদ হোৱা ১০ জন বীৰ সৈনিকৰ স্মৃতিত ১৯৬২ চনৰ পৰা এই বিশেষ দিনটো পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
২০১২চনত দিল্লীৰ চাণক্য পুৰীত শ্বহীদ সকলৰ স্মৃতিত ৰাষ্ট্ৰীয় পৰ্যায়ত পেৰেড আৰম্ভ কৰা হয় আৰু ২০১৮ চনৰ ১৫ অক্টোবৰত ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰা পোনপ্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰীয় পুলিচ মিউজিয়াম (আৰক্ষী সংগ্ৰহালয়) উদ্বোধন কৰা হয়।
বৰ্তমান সময়ৰ জনপ্রিয় সামাজিক মাধ্যম টুইটাৰ যোগে আজিৰ দিনটোতে দেশৰ প্রধান মন্ত্রীকে আদি কৰি বি এছ এফ, ভাৰতীয় পুলিচ এচচিয়েছন আদিয়ে দেশৰ প্ৰতি আৰক্ষী বিষয়া সকলৰ কৰ্তব্য নিষ্ঠা, প্ৰেম আৰু ত্যাগক সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁলোকৰ এই দেশপ্রেমক সশ্রদ্ধ প্ৰণিপাত জনাইছে।