অলপতে দিল্লী বিশ্ববিদ্যালয়ে অসম ৰাজ্যিক শিক্ষা বৰ্ডৰ অল্টাৰনেটিভ ইংলিছ বিষয়ক ” বেষ্ট অফ ফ’ৰ”ত সন্নিৱিষ্ট কৰিছে বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰে।
এতিয়াৰে পৰা অসমৰ ছাত্ৰ ছাত্ৰীয়ে পূৰ্বৰ দৰে ২.৫ শতাংশ নম্বৰ হেৰুৱাই কাট অফৰ তালিকাত পিছ পৰি নাথাকিব বুলি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উৎফুল্লিত হৈ পৰিছে।
দিল্লীস্থিত সদৌ অসমীয়া ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি এই সন্দৰ্ভত দাবী উত্থাপন কৰি আহিছিল। অৱশেষত দিল্লী বিশ্ববিদ্যালয়ে এই দাবী মানি অসমৰ ছাত্ৰ ছাত্ৰীয়ে অল্টাৰনেটিভ ইংলিছ বিষয়ক নামভৰ্তিৰ সময়ত “বেষ্ট অফ ফ’ৰ”ত সন্নিৱিষ্ট কৰিব পাৰিব।
দিল্লী বিশ্ববিদ্যালয়ৰ এই পদক্ষেপত দিল্লীস্থিত অসমীয়া ছাত্ৰ সন্থাই কৃতজ্ঞতা প্ৰকাশ কৰে।