হিচাৰৰ চেক্টৰ ১ৰ নিবাসী ২৬ বছৰীয়া ইনচিয়া আৰোৰাই বলিউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনৰ দ্বাৰা পৰিচালিত ভাৰতবৰ্ষৰ জনপ্রিয় টিভি ৰিয়েলিটি শ্ব’ কেবিচি যোগে ৬ লাখ ৪০ হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হয় যদিও ১০টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াৰ পিছত ১১ নম্বৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি ইন্সিয়াই ঘৰলৈ ঘূৰি যাবলৈ সিদ্ধান্ত লয়। কেবিচিৰ নিয়ম অনুসৰি তিনিওটা লাইফ লাইনৰ সহায় লৈয়ো তেওঁ প্ৰশ্নটোৰ উত্তৰ দিবলৈ সক্ষম নহয়।
১২ লাখ ৫০ হাজাৰ টকাৰ সেই প্ৰশ্ন টো কি আছিল বাৰু জানেনে ?
প্ৰশ্নটো আছিল –
‘১৯৯৬ চনত আজমীৰৰ বেৱাৰত মজদুৰ কিষান ইউনিয়নৰ দ্বাৰা গ্ৰহণ কৰা ৪০ দিনীয়া প্ৰতিবাদী কাৰ্য্য সূচীয়ে পৰৱৰ্তী সময়ত কোনটো অধিকাৰ বলবৎ কৰিবলৈ অনুপ্রাণিত কৰিছিল ?
তিনিওটা লাইফলাইন প্ৰয়োগ কৰা স্বত্বেও ইনচিয়াই উত্তৰ দিবলৈ সক্ষম নোহোৱা বিশেষ প্ৰশ্নটোৰ উত্তৰ আছিল -‘তথ্য জনাৰ অধিকাৰ’ অৰ্থাৎ ‘ৰাইট টু ইনফৰমেচন’।অৱশেষত ৬ লাখ ৪০ হাজাৰ নগদ পুৰস্কাৰ লাভ কৰি আইন বিষয়ৰ ছাত্ৰী ২৬ বছৰীয়া ইনচিয়া ঘৰলৈ ঘূৰি গৈছিল।