ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য্য খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছে। গুৱাহাটী ক্লাব, টি, চি, স্কুলৰ সমীপৰ ৰোটাৰীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰদেশ কংগ্ৰেছৰ আহ্বানত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ধাৰাবাহিকভাৱে ডিজেল-পেট্ৰল তথা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি, ক্ৰমবৰ্দ্ধমান নিবনুৱা সমস্যা, সিণ্ডিকেটৰাজ, বেচৰকাৰীকৰণ , নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা ,অৰুণোদয় আঁচনিৰ ধন 3000 টকা লৈ বৃদ্ধি কৰা আদি বিভিন্ন দাবীত “অৱস্থান ধৰ্মঘট” কাৰ্যসূচী পালন কৰে।
হাতে হাতে প্লে’কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে। নিৰ্বাচনৰ পূর্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে দাবী উথাপন কৰে।