পূজাৰ পিছৰে পৰা অসমত দ্ৰুতগতিত কভিদত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। স্বাস্থ্য বিভাগে এইক্ষেত্ৰত চিন্তিত হৈ পৰিছে। n
কালি ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩৮৪ জন। আনহাতে কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পায়। কালি জিলাখনত মুঠ ১৪৭ জন লোক আক্ৰান্ত হয়।
কালিৰ দিনটোত ৬২,৫৩৬ টা টেষ্ট সম্পন্ন হৈছিল। আনহাতে কালি ৪ জন লোকৰ মৃত্যু হৈছে।
আগন্তুক উপনিৰ্বাচনৰ পিছত কভিদৰ স্থিতি কেনে হ’ব এই লৈ সচেতন মহল চিন্তিত হৈ পৰিছে।