গুৱাহাটীৰ বৰাগাৱঁত কালি নিশা ক্ষত বিক্ষত ৰূপত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ মৃত মহিলা গৰাকী অন্তিমা গুপ্তা বুলি জানিব পৰা গৈছে৷ অন্তিমাৰ স্বামী সন্তোষ গুপ্তাই জালুকবাৰী থানাত অন্তিমাৰ অপহৰণৰ গোচৰ তৰিছিল আৰু তাৰপিছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত৷কালি নিশা তেঁওলোক থকা ভাড়া ঘৰৰ চৌহদৰ এটা আবদ্ধ কোঠাত টুকুৰা টুকুৰ কৈ উদ্ধাৰ হ’ল অন্তিমাৰ মৃতদেহ৷
পশ্চিম গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত নৱনীত মহন্ত প্ৰমূখ্যে উচ্চ পদস্থ আৰক্ষী বিষয়া সকল মৃতদেহ উদ্ধাৰৰ খবৰ পাই ঘটনা স্থলীত উপস্থিত হৈ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে৷ মহিলা গৰাকীক কোনে কিয় হত্যা কৰিছে জানিব পৰা নাই যদিও আৰক্ষীয়ে তেওঁৰ স্বামী সন্তোষ গুপ্তাক সোধা পোছা আৰম্ভ কৰাৰ লগতে চৌহদৰ বাকী ভাড়াতীয়া সকলকো ইতিমধ্যে সোধা পোছা আৰম্ভ কৰিছে৷অচিৰেই আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ব কৰিব পাৰিব বুলি আশাবাদী৷