মাটিকঁঠাল বা আনাৰস আমাৰ অসম আৰু উত্তৰ পূব ভাৰতত উৎপাদিত ফলৰ ভিতৰত অন্যতম। অসম, মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰত যথেষ্ঠ সংখ্যক মাটি কঁঠাল উৎপাদন হয়। আনহাতে ভাৰত আনাৰস উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ ভিতৰতে ষষ্ঠ স্থানত আছে।
শেহতীয়াকৈ দ্য এগ্ৰিকালছাৰেল এণ্ড প্ৰছেচ ফুড প্ৰডাক্ট এক্সপৰ্ট ডেভেলপমেন্ট অথৰিটীয়ে মাটি কঁঠাল খেতিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে।
কেলছিয়াম, পটাছিয়াম, ফাইবাৰ আৰু প্ৰচুৰ পৰিমাণে ভিটামিন C যুক্ত আনাৰসৰ চাহিদা বিদেশত যথেষ্ঠ বেছি। ঔষধি গুণযুক্ত আনাৰসক ইতিমধ্যে ভাৰতে চৌদি আৰৱ, কাজাখাস্তান, ওমেন, বাহৰেইন, মালদ্বীপ, নেপাল, পাকিস্তান, বাংলাদেশ, কোটাৰ আদিৰ দেশলৈ প্ৰেৰণ কৰিছে।
মাটিকঁঠাল উৎপাদনৰ বাবে অসমৰ মাটি আৰু জলবায়ু উপযোগী। অসমৰ লোকসকলে ব্যৱসায়িক আৰু বৈজ্ঞানিক ভিত্তিত মাটিকঁঠালৰ খেতিৰ দ্বাৰা লাভালাভ হোৱাৰ থল আছে। নেমুটেঙা, ভোট জলকীয়া, ৰঙালাওৰ দৰে অসমৰ মাটিকঁঠালেও বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হ’ব।