চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ ড্ৰাগছ কেছৰ নিত্য নতুন মূৰ পোহৰলৈ আহিছে। এইবাৰ অভিনেত্ৰী অনন্যা পাণ্ডেক চেন্ট্ৰেল নাৰক’টিক ব্যুৰোৱে আটক কৰি জেৰা অব্যাহত ৰাখিছে।
আৰয়ান খানৰ হোৱাটছ এপত অভিনেত্ৰী অনন্যা পাণ্ডেৰ সৈতে হোৱা বাৰ্তালাপ এক অংশ লাভ কৰাৰ পিছতেই অভিনেত্ৰী গৰাকীৰ ওপৰত জেৰা আৰম্ভ কৰে।অভিনেত্ৰী গৰাকীয়ে আৰয়ান খানক গাঞ্জাৰ যোগান ধৰিছিল বুলি জানিব পৰা গৈছে।
কালি শ্বাহৰুখ খানৰ বাসভৱন মন্নতটো তালাচী অভিযান চলোৱা হৈছিল।
মুম্বাইৰ ক্ৰুজ পাৰ্টিৰ পৰা আটক কৰা আৰয়ান খানৰ খবৰে সংবাদ জগতত তোলপাৰ লগোৱাৰ লগতে এই খবৰৰ আঁৰ লৈ বিয়াগোম ড্ৰাগছ ব্যৱসায়ী চক্ৰসমূহ হাৰি যাব নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে।
যুৱচামক ড্ৰাগছৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিভিন্ন পন্থা হাতত লোৱা ড্ৰাগছ ব্যৱসায়ী চক্ৰসমূহ এতিয়াও মুকলি ঘূৰি আছে। কেৱল আৰয়ান খানৰ ওপৰত গুৰুত্ব আৰোপ কৰা সংবাদ মাধ্যমৰ ওপৰত বহুতো বলিউদৰ চেলিব্ৰিটিয়ে প্ৰশ্ন উত্থাপন কৰিছে।
পিছে নাৰক’টিক ব্যুৰোৱে আৰয়ান খানৰ মোবাইলত লাভ কৰা তথ্যৰ দ্বাৰা ইন্টাৰনেশ্যনেল ড্ৰাগছ ব্যৱসায়ী চক্ৰসমূহৰ উৎখাত কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে।
অহা ২৬ তাৰিখে বোম্বে উচ্চ ন্যায়ালয়ত আৰয়ান খানৰ জামিন আবেদনৰ শুনানি আছে।