উৎসৱৰ বতৰত ৰাইজৰ অসাৱধানতাই পুনৰ ঘুৰাই আনিব নেকি ক’ভিডৰ ভয়াৱহ দিনবোৰ! বিশেষকৈ দুৰ্গাপূজাৰ পাছৰ পৰা ৰাজ্যত সামান্য পৰিমানে ক’ভিডৰ সংক্ৰমণ বৃদ্ধিয়ে তেনে এক আশংকা কঢ়িয়াই আনিছে। কিয়নো বিগত চাৰিদিনধৰি ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে তিনি শতকৰ ঘৰ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি যোৱা 19 অক্টোবৰত 353 জন,20 অক্টোবৰত 308 জন,21 অক্টোবৰত 384 জন আৰু 22 অক্টোবৰত 315 জন লোক ক’ভিডত আক্ৰান্ত হৈছে। আক্রান্তসকলৰ ভিতৰতে সৰ্বাধিক লোক গুৱাহাটীৰ। সেই অনুসৰি 19 অক্টোবৰত 152 জন,20 অক্টোবৰত 109 জন,21 অক্টোবৰত 147 জন আৰু 22 অক্টোবৰত 115 জন লোক গুৱাহাটীত ক’ভিডত আক্ৰান্ত হৈছে। ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংক্ৰমণ নকমিলে কঠোৰ ব্যৱস্থা লোৱা হব বুলি প্ৰকাশ কৰিছে। সমান্তৰালভাৱে 5 টাকৈ সমষ্টিত হবলগীয়া উপ নিৰ্বাচনৰ প্রচাৰ অভিযান তীব্রতৰ হৈ উঠিছে। থাওৰা, মৰিয়নী, ভৱানীপুৰ, গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত এতিয়া দিনে নিশাই চলিছে নির্বাচনী প্রচাৰ। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালিনেতা ব্যস্ত হৈ পৰিছে প্ৰচাৰত। অনুষ্ঠিত হৈছে এখনৰ পাছত আন এখন নিৰ্বাচনী সভা। কভিডৰ নীতি নিয়ম ভংগ কৰি গোট খাইছে হাজাৰ হাজাৰ লোক। এনে অসাৱধানতাই দিনৰ অধিকাংশ সময় কাৰ্ফিউ বলবত কৰাৰ দৰে পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনা অধিক ঘনীভূত কৰি তুলিছে।