কালি পেট্ৰল ডিজেলৰ ৩৫ পইচা পুনৰ বৃদ্ধিৰ লগে লগে মুম্বাইত পেট্ৰলৰ দাম ১১২.৭৮ টকালৈ বৃদ্ধি পায়। দিল্লীত এই মূল্য ১০৬.৮৯ টকালৈ বৃদ্ধি পাইছে।
মূল্য বৃদ্ধিৰ লগে লগে অসমত পেট্ৰলৰ মূল্যই ১০৫ টকা অতিক্ৰম কৰে। গুৱাহাটীত পেট্ৰলৰ মূল্য ১০৩.২৩ টকা হোৱাৰ বিপৰীতে লখিমপুৰত ১০৫.১০ আৰু মাজুলীত ১০৫.৬৫ টকালৈ বৃদ্ধি পায়। আনহাতে ডিজেলৰ মূল্যও শতক অতিক্ৰম কৰাৰ দিশত আগবাঢ়িছে। বৰ্তমান ডিজেলৰ মূল্য ৯৭.৯৮টকা হয়।
প্ৰতি দিনে বৃদ্ধি পোৱা অস্বাভাৱিক মূল্য বৃদ্ধিয়ে সৰ্ব সাধাৰণ ৰাইজক অশান্তি বৃদ্ধি পাইছে। খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে পেট ভৰাই খাবলৈ এসাঁজ ভাতৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে।
কেৱল চৰকাৰে হিতাধিকাৰীৰ নামত ইখনৰ পিছত সিখন আঁচনিৰ ৰূপায়ন কৰি ৰাজভঁড়াল উদং কৰি সাধাৰণ জনতাক অস্বাভাৱিক মূল্য বৃদ্ধিৰ মাজত ককবকাই থাকিবলৈ এৰি দিছে বুলি সাধাৰণ জনতাই মতপোষণ কৰিছে।