ভ্ৰমণ কালত মাতৃ সকলে সন্মূখীন হ’বলগীয়া সমস্যা সমূহৰ প্ৰতি লক্ষ ৰাখি দেশখনৰ আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান হিমালয়াই দেশৰ বহুকেইটা বিমান বন্দৰত স্থাপন কৰিছে শিশু খাদ্য প্ৰদান কক্ষ৷জয়পুৰ বিমান বন্দৰত প্ৰতিষ্ঠানটোৱে ইতিমধ্যে প্ৰায় এশ সংখ্যক কক্ষ স্থাপন কৰিছে৷ দিল্লী,মুম্বাই,বেংলুৰু,হায়দৰাবাদ,আহমেদাবাদ আদিকে ধৰি প্ৰায় ১৭খন চহৰত এই বিশেষ কক্ষ স্থাপন কৰিছে হিমালয়াই৷ভাৰতবৰ্ষত ৰাজহুৱা স্থানত মাতৃ দুগ্ধ খুওৱাৰ ক্ষেত্ৰত সদায় অসুবিধাৰ সন্মূখিন হয় মাতৃ সকল৷সেই কথা লক্ষ ৰাখি ভ্ৰমণ কালতো যাতে মাতৃ সকলে শিশুসকলক নিৰ্বিঘ্নে মাতৃ দুগ্ধ পাণ কৰাব পাৰে সেই কাৰণেই ব্ৰেণ্ডটোৰ দ্বাৰা এনে পদক্ষেপ হাতত লোৱা হৈছে বুলি হিমালয়ৰ সঞ্চালক ৰাজেশ কৃষ্ণমূৰ্তিয়ে জানিবলৈ দিয়ে৷এইক্ষেত্ৰত ১২ বছৰৰ পৰাই বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে হিমালয়াই৷ইতিমধ্যে বৃহৎ সংখ্যক বিমান বন্দৰক সামৰি লোৱাৰ লগতে গুৱাহাটী বিমান বন্দৰতো এই সুবিধা প্ৰদান কৰিছে হিমালয়া নামৰ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে৷